৪২ সংখ্যক ৰঙাচকুৱা সাৰ্বজনীন ৰাস মহোৎসৱত উখল-মাখল পৰিৱেশ

Pic

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন:

শোণিতপুৰ জিলাৰ উত্তৰ জামুগুৰিস্থিত সংস্কৃতিৰ কেন্দ্ৰভূমি তথা নানান গছ-বিৰিখেৰে পৰিপূৰ্ণ এটুকুৰা মনোমোহা সেউজময় অঞ্চল হিচাপে পৰিচিত বৃহত্তৰ ৰঙাচকুৱা অঞ্চল । আম, জাম, কঁঠালৰ লগতে বহু মূল্যৱান গছ ক্ৰমে শাল, চেগুন গছেৰে পৰিপূৰ্ণ ৰঙাচকুৱা ব্যৱসায় কেন্দ্ৰৰ পৰা দক্ষিণ দিশত ১৯৫৯ চনত স্থাপিত হোৱা ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ৪২ সংখ্যক ৰঙাচকুৱা সাৰ্বজনীন ৰাস মহোৎসৱ উদযাপন কৰা হৈছে।শৰতৰ বিতোপন নিশা ভিন্ন গছৰ ফাঁকে-ফাঁকে বিৰিঙি অহা ছন্দময় পোহৰে সৃষ্টি কৰা মায়াৱী পৰিৱেশৰ মাজতেই ৰঙাচকুৱা অঞ্চলত অনুষ্ঠিত হৈছে মহাৰাসভাগ । গছ-বনেৰে পৰিপূৰ্ণ সাইলাখ বৃন্দাবনসদৃশ পৰিৱেশৰ মাজত অনুষ্ঠিত মহাৰাস প্ৰত্যক্ষ কৰিবলৈ দেওবাৰে নিশাৰ ভাগত ৰাইজৰ সমাগম হোৱা পৰিলক্ষিত হয় । শ্ৰীকৃষ্ণ আৰু শ্ৰীকৃষ্ণৰ মুৰুলী বাঁহীৰ সুৰত ৰ'ব নোৱাৰি কৃষ্ণৰ লগত এপাক প্ৰাণভৰি নাচিবলৈ নিশাৰ ভাগত ওলাই অহা গোপীসকলৰ ৰাসলীলাৰ প্ৰতীকী দৃশ্য চাবলৈ ভিৰ কৰে হাজাৰ হাজাৰ দৰ্শকে । শ্ৰী কৃষ্ণই শংখচূড়ৰ প্ৰাণ লোৱা প্ৰতীকী দৃশ্য উপভোগ কৰি ৰাইজ আনন্দিত হয়।স্থানীয় ৰাইজে ৰাস মহোৎসৱলৈ সহায়-সহযোগিতা আগবঢ়োৱাৰ আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিৰ হৈ ৰাজীৱ শৰ্মা আৰু মাধৰাম দাসে । উল্লেখ্য যে মহাৰাসভাগৰ মুখ্য নৃত্যাঙ্গনা হৈছে অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী সুনীতা কৌশিক ।

Your Comments