'কেব' বাতিলৰ দাবীত শিৱসাগৰত আটাছুৰ বৃহৎ জোঁৰ সমদল

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

ৰাজ্যত চৌদিশে 'নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬' (কেব)বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতেই দেওবাৰে সন্ধিয়া শিৱসাগৰত সদৌ তাই আহোম ছাত্ৰ সন্থাই এটা জোঁৰ সমদল উলিয়াই।

আটাছুৰ কেন্দ্ৰীয় সমিতি আৰু শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত কেইবাশতাধিক নেতা-কৰ্মীয়ে চহৰৰ মুক্তিনাথ চাৰিআলিত থকা লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰি   শিৱসাগৰ চহৰৰ মাজেদি বৰকাঁহ বজাই  বৃহৎ জোঁৰ সমদল বাহিৰ কৰে। প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ মুৰ্দাবাদ, হিন্দু বাংলাদেশীৰ ৰক্ষক বিজেপি চৰকাৰ মুৰ্দাবাদ আদি বিভিন্ন শ্লগানেৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে।

ছাত্ৰ সংগঠনটোৱে অতিশীঘ্ৰে অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ লগতে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবী উত্থাপন কৰে। 

অনাগত দিনত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে এই দুটা দাবীৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে জংগী প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে।

Your Comments