বঙাইগাঁও জিলাত 'খোজকাঢ়ি কাৰ্যালয়লৈ' শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ 

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

'ফিট ইণ্ডিয়া মুভমেন্ট'ক কেন্দ্ৰ কৰি বুধবাৰৰে পৰা বঙাইগাঁও জিলাত প্ৰত্যেক বুধবাৰে 'খোজকাঢ়ি কাৰ্যালয়লৈ' শীৰ্ষক এক কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানে ৷ এই কাৰ্যসূচী অনুসৰি জিলাখনৰ অন্তৰ্গত চৰকাৰী- বেচৰকাৰী কাৰ্যালয়, উদ্যোগ- প্ৰতিষ্ঠানৰ সকলো বিষয়া-কৰ্মচাৰীকে প্ৰত্যেক বুধবাৰে কৰ্মস্থলীত উপস্থিত হওতে কমেও ২ কিলোমিটাৰ খোজকাঢ়ি আহি নিজ কাৰ্যালয়ত উপস্থিত হৈ নিজকে সুস্বাস্থ্যবান আৰু নিৰোগী হৈ থকাৰ বাবে আহ্বান জনোৱা হৈছে । উল্লেখ্য যে আজিৰ এই কাৰ্যসূচী শুভাৰম্ভ কৰি উপায়ুক্ত আদিল খানে কৰ্মচাৰীসকলক উৎসাহিত কৰাৰ বাবে নিজেও অতিৰিক্ত উপায়ুক্তদ্বয় ক্ৰমে ধ্ৰুৱজ্যোতি দাস আৰু অৰূপ কুমাৰ শৰ্মাৰ লগতে অন্যান্য বিষয়া কৰ্মচাৰীৰ সৈতে পুৱা ৯ বজাত বঙাইগাঁও আৱৰ্ত ভৱনৰ পৰা খোজকাঢ়ি আহি নিজ কাৰ্যালয়ত উপস্থিত হয়।ইপিনে,উপায়ুক্তগৰাকীয়ে 'খোজ কাঢ়ি কৰ্মস্থলীলৈ' 'শীৰ্ষক কাৰ্যসূচী সন্দৰ্ভত কয় যে আজিৰ এই কাৰ্যসূচী শুভাৰম্ভ কৰাৰ মূল উদ্দেশ্য হৈছে আমি চৰকাৰী বিষয়া- কৰ্মচাৰীসকল সুস্থ আৰু স্বাস্থ্যবান হৈ থাকিব লাগে ৷ লগতে আমাক দেখি ৰাইজৰ মাজত স্বাস্থ্য সম্পৰ্কে সজাগতা আহিব আৰু ইয়াৰ ফলত আমি এখন সুস্থ-সবল সমাজ গঢ়ি তুলিব পাৰিম বুলি আশা ব্যক্ত কৰে ৷ উপায়ুক্তগৰাকীয়ে লগতে কয় ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰীয়ে 'ফিট ইণ্ডিয়া মুভমেন্ট  আৰম্ভ কৰিছে ৷ গতিকে আমাৰ ৰাইজ তথা মানুহ যদি সুস্থ থাকে তেতিয়া আমাৰ সমাজখনৰ আৰু উন্নতি হ'ব আৰু আগবাঢ়ি যাব পাৰিব ৷ তেওঁ আৰু   বিকাশ গঢ়ি তোলা আৰু স্বচ্ছ- সেউজ উপায়েৰে নিজ দায়িত্ব সম্পন্ন কৰা । তেওঁ আৰু কয় যে এই কাৰ্যসূচীটো বঙাইগাঁও জিলা প্ৰশাসনে আৰম্ভ কৰিছে আৰু আন ঠাইত যদি কৰিছে তেতিয়াহলে তেওঁ জ্ঞাত নহয় বুলিও কয় ৷ উপায়ুক্তগৰাকীৰ মতে যেতিয়া আমি শাৰীৰিকভাৱে সুস্থ আৰু সবল হৈ থাকিম তেতিয়া আমি সকলো কাম উৎসাহেৰে কৰিব পাৰিম ৷ সেয়ে সকলো কৰ্মচাৰীৰ সুস্বাস্থ্য কামনা কৰি এই কাৰ্যসূচীৰ শুভৰাম্ভ কৰা হৈছে । উল্লেখ্য যে  এই কাৰ্যসূচী অনুসৰি জিলা সদৰৰ প্ৰতিটো কাৰ্যালয়ৰ বিষয়া- কৰ্মচাৰী সকলে আজি খোজকাঢ়ি আহি নিজ নিজ কাৰ্যালয়ত উপস্থিত হয় ।

Your Comments