বৰপেটাৰােডৰ পৰা ৰঞ্জিত তালুকদাৰ:
বৰপেটাৰােড থানাৰ অন্তৰ্গত উত্তৰ বৰপেটাৰােডৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ এগৰাকী শিক্ষকে কিশােৰী ছাত্ৰীক যৌন নির্যাতন চলোৱাৰ অপৰাধত মঙলবাৰে জেললৈ যাব লগা হয় ৷ প্ৰাপ্ত তথ্য মতে, সোমবাৰে উক্ত অভিযােগত ছুলেমান হুছেইন (২৪) নামৰ অভিযুক্ত শিক্ষকগৰাকীক আৰক্ষীয়ে আটক কৰিছিল । অভিযোগ মতে, সোমবাৰে পুৱা উত্তৰ বৰপেটাৰােডৰ দশম শ্রেণীত অধ্যয়নৰত এগৰাকী কিশােৰীক অভিযুক্ত বৰপেটাৰোড জাতীয় বিদ্যালয়ৰ শিক্ষকগৰাকীয়ে বৰপেটাৰােডৰ খৈৰাবাৰীৰ নিজগৃহলৈ প্রলােভন দি লৈ যায় । পুৱাৰ ভাগতেই সংঘটিত উক্ত দৃশ্য প্রত্যক্ষ কৰে স্থানীয় দুগৰাকী যুৱকে । উল্লেখযােগ্য যে বিদ্যালয়ত অকর্তৃত্বশীলভাৱে অনুপস্থিত থাকি দিনদুপৰতে অইন এখন বিদ্যালয়ৰ কিশােৰী ছাত্রীগৰাকীক নিজগৃহলৈ নি যৌন নির্যাতন চলাই হাতে-লোতে ধৰা পৰে শিক্ষকগৰাকী । ৰাইজে উত্তম - মধ্যম শােধাই অনৈতিক কার্যত লিপ্ত শিক্ষকজনক আৰক্ষীক গতাই দিয়ে । পিছত পৰিয়ালৰ লােকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে সোমবাৰে তেওঁক বৰপেটা আদালতত হাজিৰ কৰায় ৷ সেই মৰ্মে শিক্ষকগৰাকীক আদালতে জেললৈ প্ৰেৰণ কৰে৷
- Log in to post comments
- 24 views