শিৱসাগৰৰ পৰ্যটন থলী পৰিদৰ্শন চীন আৰু থাইলেণ্ডৰ শিল্পীৰ দলৰ

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

শিৱসাগৰ জিলাৰ পৰ্যটন ক্ষেত্রৰ উত্তৰণৰ বাবে গ্ৰহণ কৰা 'Soulful Sivasagar' পদক্ষেপৰ অংশস্বৰূপে শিৱসাগৰ জিলা প্ৰশাসনৰ আমন্ত্ৰণ ৰক্ষা কৰি সুদূৰ চীন আৰু থাইলেণ্ডৰ ২১ গৰাকী শিল্পীৰ এটা দলে যোৱা ৪ নৱেম্বৰত শিৱসাগৰ জিলাত উপস্থিত হৈ জিলাখনৰ বিভিন্ন পৰ্যটন থলী পৰিদৰ্শন কৰে। শিৱদৌল, শিৱসাগৰ পুখুৰী, ৰংঘৰ, তলাতল ঘৰ, ন-পুখুৰী আদি ঐতিহাসিক পৰ্যটনথলীসমূহ পৰিদৰ্শন কৰি দলটোৱে জিলাখনৰ ঐতিহ্য- সংস্কৃতিৰ বিষয়ে আভাস লয়।

উল্লেখযোগ্য যে, বিশিষ্ট লোকশিল্পী জিনা ৰাজকুমাৰীৰ উদ্যোগত তথা 'বৰলুইত কলাকৃষ্টি বিকাশ কেন্দ্ৰ' আৰু 'সমৃদ্ধি'ৰ সহযোগত এই শিল্পীৰ দলটোয়ে যোৱা ১ নৱেম্বৰৰ পৰা যোৰহাটত অৱস্থিত চুকাফা সমন্বয় ক্ষেত্ৰত আৰম্ভ হোৱা 'দক্ষিণ-পূব এছিয়া সাংস্কৃতিক সন্মিলন আৰু প্ৰদৰ্শনী'ত অংশগ্ৰহণ কৰিবলৈ আহিছে। এই সন্মিলনৰ অহা ৮ নৱেম্বৰত সামৰণি পৰিব।

শিৱসাগৰ জিলাৰ উপায়ুক্ত ডাঃএম এছ লক্ষ্মীপ্ৰিয়াই শিল্পীসকলক উষ্ম আদৰণি জনায়। 

দুপৰীয়া বিদেশী শিল্পীৰ দলটোৱে ৰুদ্ৰসাগৰস্থিত অসম পৰ্যটন প্ৰকল্পত থলুৱা-পৰম্পৰাগত খাদ্য- সম্ভাৰৰ জুতি লয়। তেওঁলোকে জিলা প্ৰশাসনৰ তৰফৰ পৰা আগবঢ়োৱা আতিথ্যৰ বাবে আন্তৰিকতাৰে শলাগ লয়।

Pic

ইয়াৰ পিছত অসম পৰ্যটন প্ৰকল্প প্ৰাংগণত চীনা আৰু থাই শিল্পীসকলে সুমধুৰ সংগীত আৰু মনোমোহা নৃত্য পৰিৱেশনৰ দ্বাৰা উপস্থিত সকলোকে মোহাচ্ছন্ন কৰি তোলে। 

উল্লেখযোগ্য যে, এই অনুষ্ঠানত ইউনিচেফৰ অধীনষ্ঠ জিলা শিশু আৰু কিশোৰ-কিশোৰী কোষৰ উদ্যোগত জিলাখনৰ ভালেসংখ্যক প্ৰতিভাশালী ছাত্ৰ-ছাত্ৰীয়ে দিহানাম আৰু জিকিৰৰ মাধ্যমেৰে সুৰা তথা অন্যান্য মাদক দ্ৰব্যৰ ভয়াবহতা আৰু ইণ্টাৰনেটৰ দুৰ্ব্যৱহাৰৰ বিৰুদ্ধে সজাগতমুলক সংগীতানুষ্ঠান পৰিৱেশন কৰে।

Pic

উপস্থিত শিল্পীসকলৰ অনুৰোধ ৰক্ষা কৰি জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই কৰ্ণাটকী শাস্ত্ৰীয় সঙ্গীত পৰিৱেশন কৰে। অতিথি শিল্পীসকলৰ দলটোৱে উপায়ুক্তগৰাকীৰ সঙ্গীত উপভোগ কৰি তেওঁৰ বহুমুখী প্ৰতিভাৰ ভূয়সী প্ৰশংসা কৰে। 
উপায়ুক্তগৰাকীয়ে সঙ্গীতৰ কোনো ভাষা নাথাকে বুলি উল্লেখ কৰি কয় যে সঙ্গীতেই জাতি-ধৰ্ম-ভাষা-বৰ্ণই নহয়, ভৌগোলিক সীমাৰ প্ৰাচীৰো ভাঙি মানুহৰ মাজত একতাৰ এটা মজবুত বান্ধোন গঢ়িবলৈ সক্ষম হ'ব। ভাষণ প্ৰসঙ্গত তেওঁ জিলাখনৰ পৰ্যটন উদ্যোগৰ প্ৰসাৰ আৰু বিকাশৰ লক্ষ্যৰে আৰম্ভ কৰা 'Soulful Sivasagar' অভিযানৰ বিষয়ে বিতংকৈ অৱগত কৰে। তেওঁ অতিথি শিল্পীসকলক ধন্যবাদ জ্ঞাপন কৰি তেওঁলোকক ভৱিষ্যতে পুনৰ জিলাখনলৈ আহিবলৈ আহ্বান জনায়।

Your Comments