বৰভাগৰ বিভিন্ন স্থানত সুধাকণ্ঠক স্মৰণ

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

সুধাকণ্ঠ ভাৰত ৰত্ন ড: ভূপেন হাজৰিকাৰ মহাপ্ৰয়াণৰ অষ্টম বাৰ্ষিকীত বৰভাগৰ বিভিন্ন স্থান গীতে-মাতে মুখৰিত হ'ল। নলবাৰী জিলাৰ বৃহত্তৰ বৰভাগ অঞ্চলৰ স্বেচ্ছাসেৱী অনুষ্ঠান বৰভাগ যুৱ সমাজ আৰু বৰভাগ সংগীত মহাবিদ্যালয়ৰ যুটীয়া উদ্যোগত দিনযোৰা বিভিন্ন কাৰ্যসূচীৰে সুধাকণ্ঠক স্মৰণ কৰা হয়। মঞ্চৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰাৰ পিছত সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা হয়। ইয়াৰ পিছতে অনুষ্ঠিত হয় সদৌ অসম ভিত্তিত ভূপেন হাজৰিকাৰ সংগীত প্ৰতিযোগিতা । শংকৰদেৱ শিশু-বিদ্যা নিকেতন বৰভাগতো পালন কৰা হয় সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকী। এই উপলক্ষে নিকেতন পৰিচালনা সমিতিৰ সম্পাদক ধীৰেশ্বৰ কাকতিয়ে সুধাকণ্ঠৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ লগতে  মাল্যৰ্পণ কৰে নিকেতনৰ প্ৰধানাচাৰ্য কমল কলিতাই।ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হয় ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা।ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত কিচমৎ গাঁওস্থিত সৃষ্টি সংগীত কাননতো দিনজোৰা কাৰ্যসূচীৰে ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ মৃত্যু দিৱস পালন কৰা হয়। পুৱাৰে পৰা অনুষ্ঠিত বিভিন্ন কাৰ্যসূচীৰ লগতে ভূপেন্দ্ৰ সংগীত, বিষ্ণু ৰাভা সংগীত, জ্যোতি সংগীত, চিত্ৰাংকন, আকস্মিক বক্তৃতা আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। সেইদৰে বৰভাগৰ কৰিয়া যুৱক সংঘৰ উদ্যোগত বিহগী কবি ৰঘুনাথ চৌধুৰী স্মৃতি শিশু  উদ্যানত দিনজোৰা কাৰ্যসূচীৰে  পালন কৰে সুধাকণ্ঠৰ অষ্টম মৃত্যুবাৰ্ষিকী। এই উপলক্ষে পুৱা সংঘৰ পতাকা উত্তোলনৰ পাছতে বিয়লি সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ, বিহগী কবি ৰঘুনাথ চৌধাৰীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ, সন্ধিয়া স্বাধীনতা আন্দোলনৰ বীৰ শ্বহীদ মুকুন্দ কাকতীৰ আৱক্ষ মূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন আৰু নিশা ডঃ ভূপেন হাজৰিকাৰ গীতৰ আধাৰত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয় ৷ আনহাতে,পশ্চিম উপৰ বৰভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত  মৰোৱাৰ  শংকৰদেৱ জন্মোৎসৱ ক্ষেত্ৰত বিভিন্ন কাৰ্যসচীৰে বিশ্ববৰেণ্য শিল্পীগৰাকীক স্মৰণ কৰে। ভাৰত ৰত্ন গৰাকীৰ স্মৃতিত সন্ধিয়া বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে ছাত্ৰ সন্থাৰ আহ্বায়ক সমিতিৰ বিষয়ববীয়া আৰু 
নলবাৰী জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক ফণীধৰ বৰুৱাৰ লগতে বহু কেইগৰাকী স্থানীয় বিশিষ্ট নাগৰিকে ৷

Your Comments