শিৱসাগৰত ধঁপাত বিৰোধী দিৱস পালন

sibsagar

কল্যাণজ্যোতি বুঢ়াগোহাঁই, শিৱসাগৰঃ

সমগ্ৰ বিশ্বৰ লগতে শুকুৰবাৰে শিৱসাগৰতো ধঁপাত বিৰোধী দিৱস পালন কৰা হয়। শিৱসাগৰ জিলা স্বাস্থ্য সমিতিৰ সহযোগত আৰু জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ সৌজন্যত জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ প্ৰাঙ্গনত বিশ্ব ধঁপাত বিৰোধী দিৱস পালন কৰা হয়। অনুষ্ঠানৰ আৰম্ভনিতে পুৱা ১০ বজাত চহৰৰ মাজমজিয়াত এক ধঁপাত বিৰোধী ৰেলী বাহিৰ কৰে। শিৱসাগৰ জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ দ্বাৰা উলিওৱা এই সজাগতা ৰেলীত  চিকিৎসক, স্বাস্থ্য কৰ্মী, নাৰ্চৰ লগতে বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। ইয়াৰোপৰি  'খোজ' নামৰ  এক বে-চৰকাৰী সংস্থাৰ বেনাৰত জিলা  ধঁপাত নিয়ন্ত্ৰণ কোষে চহৰৰ দ'লমুখ চাৰিআলিত বাটৰ নাট পৰিবেশন কৰে। ধঁপাতযুক্ত সামগ্ৰী সেৱন আৰু ভক্ষণৰ ফলত হ’ব পৰা বিভিন্ন ৰোগৰ  পৰিণতি বিষয়ে বাটৰ নাটৰ জৰিয়তে ৰাইজৰ আগত দাঙি ধৰে৷sib

আনহাতে ব্ৰহ্মপুত্ৰ ভেলী স্কুলৰ ছাত্ৰ-ছাত্ৰী সকলেও আজি ধঁপাত বিৰোধী এক সজাগতা ৰেলী বাহিৰ কৰে। শিৱসাগৰৰ ঐতিহাসিক শিৱদ’লৰ সমীপৰ পৰা আৰম্ভ হোৱা এই ধপাত বিৰোধী ৰেলী দ'লমুখ চাৰি আলি হৈ এ এচ টি চি তিনিআলিৰ মাজেৰে ষ্টেচন চাৰিআলিত সমাপ্ত হয়। উক্ত ৰেলীত বিদ্যালয়খনৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে হাতে-হাতে ধঁপাত বিৰোধী বিভিন্ন প্লেকাৰ্ড প্ৰদৰ্শন কৰি জনসাধাৰণক ধূমপান সেৱনৰ ভয়াবহতাৰ বিষয়ে ৰাইজক সজাগ কৰিবলৈ চেষ্টা কৰে।

Your Comments