মোডী চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকত কৃষক উন্নয়নৰ বিশেষ পদক্ষেপ

cabinet

নিউজ ডেস্ক:
দ্বিতীয় মোডী চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকত দেশৰ কৃষক সমাজৰ উন্নয়নৰ বাবে চৰকাৰ তৎপৰ হৈ পৰা পৰিলক্ষিত হ'ল।লোকসভা নিৰ্বাচনৰ প্ৰতিশ্ৰুতি অনুসৰি কিষান সন্মান নিধিৰ পৰিসৰ বৃদ্ধি কৰি দেশৰ সকলো কৃষকক সামৰি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে।


সেই অনুসৰি দেশৰ ১৪.৫ কোটি কৃষকে বছৰি ৬০০০ টকাকৈ লাভ কৰিব।আনহাতে,৬০ বছৰৰ ওপৰৰ কৃষকসকলক ৩,০০০ টকাকৈ পেঞ্চন প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে।ইয়াৰ বাবে ১৮ বছৰৰ পৰা ৪০ বছৰ বয়সীয়া কৃষকসকলে এটা পুঁজি নিয়মীয়াকৈ জমা কৰিব লাগিব।সেই নিময়ীয়া পুঁজিৰ সমপৰিমাণৰ পুঁজি চৰকাৰেও কৃষকসকলৰ পেঞ্চনৰ বাবে বেংকত জমা কৰিব। 


আনহাতে,ক্ষুদ্ৰ পৰ্যায়ৰ দোকানীসকলোকো পেঞ্চন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে।

Your Comments