অভিলেখ ! বিগত ৪৫ বছৰত ভাৰতত নিবনুৱাৰ হাৰ সৰ্বাধিক

unemply

নিউজ ডেস্ক :

সৰ্বকালৰ অভিলেখ ভঙ্গ কৰি বিগত ৪৫ বছৰৰ ভিতৰত ভাৰতত নিবনুৱাৰ হাৰ সৰ্বাধিক বাঢ়িছে । শুক্ৰবাৰে কেন্দ্ৰীয় চৰকাৰৰ নেচনেল ছেম্পল ছাৰ্ভে কাৰ্যালয়ৰ (এন এছ এছ অ’) পৰা জনোৱা হয় যে ২০১৭-১৮ বৰ্ষ লৈকে ভাৰতৰ মুঠ শ্ৰমশক্তিৰ ৬.১ শতাংশ এতিয়া কৰ্মহীন। নিবনুৱাৰ এই হাৰ বিগত ৪৫ বছৰৰ ভিতৰত সৰ্বাধিক। এই সংস্থাই জনোৱা মতে ২০১৭-১৮ বিত্তীয় বৰ্ষ লৈকে দেশৰ নগৰাঞ্চলত নিবনুৱাৰ হাৰ বাঢ়ি ৭.৮ শতাংশ হৈছেগৈ। আনহাতে গ্ৰামাঞ্চলৰ মুঠ নিবনুৱাৰ ৫.৩ শতাংশ কৰ্মহীন হৈ পৰিছে। নিবনুৱা সকলৰ ভিতৰত সৰ্বভাৰতীয় ভিত্তিত পুৰুষৰ হাৰ ৬.২ শতাংশ আৰু মহিলাৰ হাৰ ৫.৭ শতাংশ । 

Your Comments