পাঁচ বছৰৰ ভিতৰত সৰ্বনিম্ন ভাৰতৰ জিডিপিৰ হাৰ

gdp

নিউজ ডেস্ক :
ভাৰতৰ অৰ্থনৈতিক বৃদ্ধিৰ হাৰ বিগত পাঁচ বছৰৰ ভিতৰত সৰ্বনিম্ন পৰ্যায় পাইছেহি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন এনডিএ চৰকাৰে দ্বিতীয় বাৰৰ বাবে শপত গ্ৰহণ কৰাৰ দিনাই কেন্দ্ৰীয় পৰিসংখ্যা মন্ত্ৰ্যালয়ে এই তথ্য সদৰী কৰে। পৰিসংখ্যা মন্ত্ৰ্যালয়ে জনোৱা মতে, ২০১৮-১৯ বিত্তীয় বৰ্ষৰ চতুৰ্থ তিনি মাহত মুঠ ঘৰুৱা উৎপাদনৰ (জিডিপি) হাৰ ৫.৮ শতাংশলৈ হ্ৰাস পাইছে। জিডিপিৰ এই হাৰ বিগত পাঁচ বছৰৰ ভিতৰত সৰ্বনিম্ন। চৰকাৰী তথ্য অনুসৰি ২০১৮-১৯ বৰ্ষত দেশৰ ৰাজকোষ ঘাটিৰ হাৰ হৈছেগৈ মুঠ জিডিপিৰ ৩.৪ শতাংশ। লক্ষণীয় যে দেশত ভোগ্যপণ্যৰ চাহিদা আৰু প্ৰত্যক্ষ বিনিয়োগৰ হাৰো উদ্বেগজনক হাৰত হ্ৰাস পাইছে।

Your Comments