গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
শুকুৰবাৰে নিশা চুলাই পান কৰি চিকিৎসাধীন হোৱা তিনিজন লোকৰ ঘটনাক অস্বীকাৰ কৰিলে গোলাঘাট জিলাৰ উপায়ুক্ত ধীৰেণ হাজৰিকাই। আজি গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসকেৰে হোৱা আলোচনাৰ অন্তত এই কথা কয় উপায়ুক্তগৰাকীয়ে। চুলাইৰ পৰিৱৰ্তে অন্য ব্ৰেণ্ডৰ সুৰা অত্যধিক পান কৰাৰ বাবেহে সুৰাপায়ী কেইজন চিকিৎসাধীন হ'বলগীয়া হ'ল। অত্যধিক মদ্যপান কৰি একো নাখালে শৰীৰত দেখা দিয়া অসুবিধাৰ বাবেহে লোক কেইজন চিকিৎসাধীন হৈছিল। লগতে প্ৰদীপ বৰা নামৰ লোকজন আজি সুস্থ হৈ উঠাত তেওঁক ইতিমধ্যে হাস্পতালৰ পৰা আহিবলৈ দিয়াৰ লগতে বাকী দুজন ক্ৰমে কান্ত ভূঞা আৰু ৰাজেন ভূঞাক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰিত কৰা হৈছে বুলিও উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।
- Log in to post comments
- 4 views