নগাঁও লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হ'ব ৰূপক শৰ্মা।আজি শৰ্মাৰ নাম চূড়ান্ত হোৱাৰ পিছত সাংসদ ৰাজেন গোঁহাইয়ে পত্নী ৰীতা গোহাঁইক সমষ্টিটোৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ কাৰোৱাৰ আশাত চেঁচা পানী পৰিল।উল্লেখ্য যে আদালতত গোচৰ চলি থকাৰ পৰিপ্ৰেক্ষিতত গোহাঁইয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে বুলি ঘোষণা কৰিছিল।এতিয়া ৰূপক শৰ্মাৰ নাম চূড়ান্ত হোৱাৰ পিছত ৰাজেন গোহাঁই অসন্তুষ্ট হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে।গোঁহাইৰ অসন্তুষ্টিয়ে বিজেপিক নিৰ্বাচনত ক্ষতি কৰাৰ সম্ভাৱনাৰো সৃষ্টি কৰিছে।
- Log in to post comments
- 6 views