গোলাঘাটত বিষাক্ত চুলাই পান কৰি পুনৰ তিনিজন চিকিৎসাধীন

sulai

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

গোলাঘাটত আজিও মাৰ যোৱা নাই বিষাক্ত চুলাইৰ আতংক। শুকুৰবাৰে চুলাই সেৱন কৰি পুনৰ তিনিজন লোক গোলাঘাটৰ ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হ'বলগীয়া হৈছে। মিছামৰা ঢুলীয়া বস্তিৰ কান্ত ভূঞা, ৪নং ৰংবঙৰ ৰাজেন ভূঞা আৰু বেতিয়নী চিনাতলীৰ প্ৰদীপ বৰাক শুকুৰবাৰে নিশা সংকটজনক অৱস্থাত ভৰ্তি কৰা হয়। তিনিওজনৰ অৱস্থা সংকটজনক হোৱাত ততাতৈয়াকৈ জি এম ছি এইচলৈ নিয়াৰ পৰামৰ্শ দিয়ে। গোলাঘাট আৰক্ষী আৰু আবকাৰী বিভাগৰ তীব্ৰ অভিযানৰ পিছতো বিষাক্ত চুলাইৰ ব্যৱসায় এনেদৰে চলি থকাত গোলাঘাটবাসীয়ে আবকাৰী বিভাগৰ অভিযানত সন্দেহৰ আঙুলি উঠাইছে।
 

Your Comments