সমাগত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে শুকুৰবাৰে সন্মিলিত মটৰ পৰিবহণ সন্থা,গোলাঘাটৰ বিষয়ববীয়াৰ সৈতে গোলাঘাট জিলা উপায়ুক্ত ধীৰেণ হাজৰিকা এক বৈঠকত মিলিত হয়। আগন্তুক নিৰ্বাচনত সন্থাৰ পৰা সম্পূৰ্ণ সহযোগিতা বিচৰাৰ উদ্দেশ্যেৰে অনুষ্ঠিত সভাখনত সন্থাৰ সভাপতি পূৰ্ণ ৰাজখোৱায়ো সহযোগ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।অৱশ্যে বিগত সময়ত প্ৰশাসনক সকলো সময়তে সহায়-সহযোগ কৰি অহাৰ সময়তে পূৰ্বৰ নিৰ্বাচনৰ বহু পাবলগীয়া ধন আদায় নোপোৱাত অসুবিধা হোৱা বুলি উল্লেখ কৰে।নৱনিযুক্ত উপায়ুক্তগৰাকীয়ে সকলো গাড়ীৰ মালিকক অচিৰেই অনাদায় ধনৰাশি প্ৰদান কৰা আৰু অন্যান্য অসুবিধাসমূহ আঁতৰ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। উক্ত সভাখনত উপায়ুক্তগৰাকীক সংগ দিয়ে অতিৰিক্ত উপায়ুক্ত ধীৰাজ দাস,সহকাৰী আয়ুক্ত ড: টিংকুমনি বৰাকে প্ৰমুখ্যে কৰি বহুকেইজন বিষয়াই।
গোলাঘাটৰ পৰা মিনাক্ষী ফুকন
- Log in to post comments
- 4 views