আগন্তুক লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকললৈ বিশেষ নিৰ্দেশনা৷ ছ'চিয়েল মিডিয়াৰ লগত জড়িত ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, ৱাটছ-এপ আৰু অন্য নেটৱৰ্কৰ মাধ্যমেৰে কোনো ব্যক্তিয়েই নিৰ্বাচন সম্পৰ্কীয় পোষ্ট, ফটো, বেনাৰ আদি ইজনে সিজনক প্ৰেৰণ বা শ্বেয়াৰ নকৰিব৷ লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ লগে লগেই এই আদৰ্শ আচৰণ বিধি বলৱৎ হৈছে৷ এই অধিসূচনাৰ বিষয়ে ছ'চিয়েল মিডিয়াৰ লগত জড়িত সকলো এডমিন পেনেলে গ্ৰুপৰ লগত জড়িত সকলোকে এই বিষয়ে অৱগত কৰাবলৈ আহ্বান জনাইছে৷ ইয়াৰ উলংঘা হ'লে নিৰ্বাচন আয়োগৰ জিলাস্তৰীয় স্পেচিয়েল ছাৰ্ভিলেন্স দলৰ দ্বাৰা আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব৷
- Log in to post comments
- 40 views