প্ৰাৰ্থীৰ নিৰ্বাচনী ব্যয় প্ৰক্ৰিয়াত চকু ৰাখিব নিৰ্বাচন আয়োগে

প্ৰাৰ্থীৰ নিৰ্বাচনী ব্যয় প্ৰক্ৰিয়াত চকু ৰাখিব নিৰ্বাচন আয়োগে

আসন্ন লোকসভা নিৰ্বাচনত প্ৰাৰ্থীসকলৰ নিৰ্বাচনী ব্যয়ৰ ওপৰত নিৰ্বাচন আয়োগে সতৰ্ক হৈ থাকিব। সোমবাৰে দিছপুৰত অনুষ্ঠিত এখন সংবাদমেলত ৰাজ্যিক মুখ্য নিৰ্বাচন বিষয়া মুকেশ চন্দ্ৰ চাহুৱে জানিবলৈ দিয়ে যে সমগ্ৰ নিৰ্বাচনী দিশটোৰ তদাৰক কৰাৰ বাবে কেন্দ্ৰীয় নিৰ্বাচন আয়োগে কেন্দ্ৰীয় সাধাৰণ পৰ্যবেক্ষক, ব্যয় পৰ্যবেক্ষক আৰু আৰক্ষী পৰ্যবেক্ষকৰ এটা দল ৰাজ্যখনলৈ প্ৰেৰণ কৰিব। সাধাৰণ পৰ্যবেক্ষকে মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিনৰ পৰাই নিৰ্বাচনী প্ৰক্ৰিয়া সম্পন্ন হোৱালৈকে প্ৰতিটো লোকসভা সমষ্টিতে সামগ্ৰিকভাৱে প্ৰক্ৰিয়াটোৰ তদাৰক কৰিব। অসমৰ মুখ্য নিৰ্বাচন বিষয়া চাহুৱে লগতে কয় যে এইবাৰৰ নিৰ্বাচনত প্ৰতিগৰাকী প্ৰাৰ্থীয়ে সৰ্বাধিক ৭০ লাখ টকা ব্যয় কৰিব পাৰিব।

Your Comments