উত্তৰ প্ৰদেশত গংগা নৈত নাৱেৰে প্ৰয়াগৰাজৰ পৰা বাৰনসীলৈ তিনিদিনীয়া প্ৰচাৰ অভিযান চলাইছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে।আজি লখনৌত নাও ৰওঁতে সাংবাদিকৰে বাৰ্তালাপ কৰে প্ৰিয়ংকা গান্ধীয়ে।উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী দীনেশ শৰ্মাই ৰাহুল আৰু প্ৰিয়ংকা গান্ধী নিৰ্বাচনত বনভোজৰ বাবে আহে আৰু তাৰ পিছত অদৃশ্য হয় বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে প্ৰিয়ংকাই।তেওঁ কয়-মই ইটালীলৈ যোৱা ৩-৪ বছৰ যোৱা নাই।অৱশ্যে আইতাক সাক্ষাৎ কৰাৰ বাবে ইটালীলৈ মই যোৱা উচিত।
- Log in to post comments
- 66 views