গোৱাৰ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকাৰৰ আজি পৰলোকপ্ৰাপ্তি ঘটে।দীর্ঘদিনৰ পৰা তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল । গোৱাৰ চাৰিবাৰৰ মুখ্যমন্ত্ৰী তথা দেশৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী পাৰিকাৰৰ মৃত্যুৰ সময়ত বয়স আছিল ৬৩ বছৰ।শালীন,অতিকৈ আত্মবিশ্বাসী,ৰসিক আৰু সাধাৰণ জীৱন যাপন কৰা এজন ৰাজনীতিবিদ হিচাপে মনোহৰ পাৰিকাৰ পৰিচিত আৰু জনপ্রিয় আছিল।কৰ্কট ৰোগত আক্ৰান্ত হৈ নাকত পাইপ লগাই থোৱা অৱস্থাতো গোৱাৰ বিধান সভাত বাজেট দাখিল কৰি তেওঁ অদমনীয় মানসিকতাৰ পৰিচয় দিছিল।প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, প্ৰতিটো ৰাজনৈতিক দলৰ শীৰ্ষ নেতৃত্বই জনপ্রিয় মুখ্যমন্ত্ৰীগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।
- Log in to post comments
- 10 views