শনিবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 'ম্যে ভি চৌকীদাৰ' প্ৰচাৰ অভিযানৰ আৰম্ভণি কৰিছিল।আজি টুইটাৰত প্ৰধান মন্ত্ৰী মোদীয়ে নিজৰ নামৰ আগত চৌকীদাৰ শব্দটো যোগ দিয়ে।মোদীৰ লগতে অমিত শ্বাহ, পীয়ুষ গোৱেল,মিনাক্ষী লেখী,ৱিজেন্দ্ৰ গুপ্তা, জেপি নাড্ডা আদি বিজেপি নেতাসকলে টুইটাৰত নিজৰ নামৰ আগত চৌকীদাৰ শব্দটো সংযোগ কৰে।বিজেপি নেতাসকলে নিজৰ নামৰ আগত 'চৌকীদাৰ' সংযোগ কৰাৰ পিছত এতিয়া টুইটাৰত #ChowkidarPhirSe ট্রেণ্ড কৰি আছে।বিজেপিৰ 'চৌকীদাৰ চোৰ হে' শ্লোগানৰ প্ৰত্যুত্তৰ হিচাপে এই 'চৌকীদাৰ ফিৰ ছে' শ্লোগান বিজেপিয়ে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে।
- Log in to post comments
- 22 views