সংখ্যালঘু বোৰ্ডক নিজৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিছে অধ্যক্ষ মমিনুল আৱালে : গৰিয়া যুৱ ছাত্ৰ পৰিষদ

সংখ্যালঘু বোৰ্ডক নিজৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিছে অধ্যক্ষ মমিনুল আৱালে : গৰিয়া যুৱ ছাত্ৰ পৰিষদ

চৰকাৰী অনুমোদন অবিহনেই সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষই কম্পিউটাৰ প্ৰিণ্টাৰ, চিলাই মেচিন, ফটোষ্টেট মেচিন, গাড়ী আদি প্ৰদান কৰাৰ বিজ্ঞাপনৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে৷ পৰিষদৰ উপ-সভাপতি আজিজুৰ ৰহমানে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত কয় যে সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ মমিনুল আৱালে নিজ খেয়াল-খুচী মতে সংখ্যালঘু উন্নয়ন বোৰ্ডক পৰিচালিত কৰিব খুজিছে৷

সংখ্যালঘু১বোৰ্ডক১নিজৰ১ৰাজনৈতিক১স্বাৰ্থত১ব্যৱহাৰ১কৰিছে১অধ্যক্ষ১মমিনুল১আৱালে১ো১গৰিয়া১যুৱ১ছাত্ৰ১পৰিষদ

তেওঁ ৰাজনৈতিক লাভালাভৰ বাবে বোৰ্ডক ব্যৱহাৰ কৰাটো সমীচিন নহয় বুলি বিবৃতিটোত উল্লেখ কৰে৷ একমাত্ৰ মুখ্য মন্ত্ৰীক তোষামোদ কৰাৰ বাবেই অধ্যক্ষগৰাকীয়ে এনে নিকৃষ্ট পন্থা অৱলম্বন কৰা বুলিও তেওঁ উল্লেখ কৰে৷ জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে কাম কৰিলে গৰিয়া যুৱ ছাত্ৰ পৰিষদে সদায় সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰাৰ লগতে সংখ্যালঘু উন্নয়ন বোৰ্ডক নিজৰ ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰৰ পৰা দূৰৈত থাকিবলৈ সকীয়াই দিয়ে৷

Your Comments