ষ্টেচনতে থমকিল হিমন্তৰ দিল্লী যাত্ৰা : লোকসভাত প্ৰাৰ্থিত্ব নিদিয়ে হিমন্তক!

ষ্টেচনতে থমকিল হিমন্তৰ দিল্লী যাত্ৰা : লোকসভাত প্ৰাৰ্থিত্বত নাপায় হিমন্তই

হিমন্ত বিশ্ব শৰ্মাৰ দিল্লী যাত্ৰাত শেষ মুহূৰ্তত বাধা৷ বাধা আহিছে স্বয়ং প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰা৷ উল্লেখ্য যে শেহতীয়াভাৱে হিমন্ত বিশ্বই তেজপুৰৰ পৰা লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ প্ৰচাৰ তুংগত উঠিছিল৷ কিন্তু নেডাৰ আহ্বায়কৰ দায়িত্বত থকা হিমন্ত বিশ্বক দলৰ ৰাষ্ট্ৰীয় নেতৃত্বই নিৰ্বাচনত অৱতীৰ্ণ হোৱাতকৈ দলৰ শক্তি বৃদ্ধিতহে মনোনিবেশ কৰাটো বিচাৰিছে৷ মোডী আৰু বিজেপি অধ্যক্ষ অমিত শ্বাহে বিচাৰিছে যে হিমন্ত বিশ্বই উত্তৰ-পূৰ্বাঞ্চলত দলৰ আসন বৃদ্ধিত মনোনিবেশ কৰক৷ সেয়েহে নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যত দলে হিমন্তক ওতপ্ৰোতভাৱে জড়িত হ'বলৈ আহ্বান জনাই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে৷

এতিয়া যদি যদি হিমন্ত বিশ্ব শৰ্মাই তেজপুৰৰ পৰা প্ৰাৰ্থিত্ব লাভ নকৰে তেন্তে তেওঁৰ স্থানত ঋতুবৰণ শৰ্মাই টিকট লাভ কৰাৰ সম্ভাৱনা প্ৰকট হৈছে৷ উল্লেখ্য যে ঋতুবৰণ শৰ্মা হ'ল এমট্ৰনৰ প্ৰাক্তন অধ্যক্ষ তথা বিজেপিৰ এজন জ্যেষ্ঠ নেতা৷ ইফালে আজি নতুন দিল্লীত সংবাদমেল অনুষ্ঠিত কৰি তেজপুৰৰ সাংসদ আৰ পি শৰ্মাই বিজেপি ত্যাগ কৰিছে৷ তেওঁ আন এটা ৰাষ্ট্ৰীয় দলত যোগদান কৰি তেজপুৰৰ পৰাই নিৰ্বাচন খেলাৰ সম্ভাৱনা আছে৷
 

Your Comments