আজিৰে পৰা পুনৰ মন্ত্ৰীৰ দায়িত্ব পালন কৰিব অগপৰ তিনি নেতাই৷ মুখ্য মন্ত্ৰীৰ বাসভৱনলৈ ৰাওনা অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰী৷ বিধায়িনী দলৰ বিশেষ বৈঠক অনুষ্ঠিত নকৰাকৈয়ে মন্ত্ৰীৰ দায়িত্ব ল'ব তেওঁলোকে৷ মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰি প্ৰত্যাহাৰ কৰিব পদত্যাগ-পত্ৰ৷ পুনৰ দায়িত্ব চমজি ল'ব নিগম-নিকায়ৰ ৬ অধ্যক্ষয়ো৷ ৩ মন্ত্ৰীৰ সৈতে ৰাওনা বিধায়িকা ৰেণুপমা ৰাজখোৱা, বিধায়ক গুণীন্দ্ৰ নাথ দাস আৰু সত্যব্ৰত কলিতাও৷ মঙলবাৰে বিজেপিৰে মিত্ৰতাৰ সিদ্ধান্ত লৈছিল অসম গণ পৰিষদে৷
- Log in to post comments
- 30 views