পাকিস্তানৰ চৰকাৰ আৰু সেনাৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘত সৰৱ হ'ল পাকিস্তানৰে সিন্ধু প্ৰদেশ, খাইবাৰ পছটুনখাৱাৰ নাগৰিক। ছুইজাৰলেণ্ডৰ জেনেভাত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ বৈঠকত পাকিস্তানৰ মানৱ অধিকাৰ কৰ্মীসকলে পাকিস্তানৰ চৰকাৰ আৰু সেনাই সন্ত্ৰাসবাদীক উৎসাহিত কৰা বুলি কঠোৰ সমালোচনা কৰে।
পুলৱামা আক্রমণৰো তেওঁলোকে তীব্ৰ গৰিহণা দিয়ে। পাকিস্তান অধিকৃত কাশ্মীৰৰ মানৱ অধিকাৰ কৰ্মী সৌকত আলীয়ে পাকিস্তানত থকা সন্ত্ৰাসবাদী শিবিৰবোৰ ধ্বংস কৰিবলৈ পাকিস্তান চৰকাৰৰ ওচৰত দাবী জনায়।
- Log in to post comments
- 23 views