সপ্তদশ লোকসভা নিৰ্বাচনৰ সূচী ঘোষণাৰ পাছত মাজুলী জিলাতো বলৱৎ হোৱা আদৰ্শ আচৰণ বিধি সন্দৰ্ভত মাজুলীৰ ৰাজনৈতিক দলসমূহৰ সৈতে আজি এখন বৈঠকত মিলিত হয় নদীদ্বীপ জিলাখনৰ উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া দেৱপ্ৰসাদ মিশ্ৰ। মঙলবাৰে আগবেলা গড়মূৰস্থিত উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই বৈঠকত বিজেপি, কংগ্ৰেছ, অগপ, সন্মিলিত গণশক্তি আৰু চিপিআইএম দলৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।
বৈঠকত উপায়ুক্তৰ লগতে অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথে আদৰ্শ আচৰণ বিধি সম্পৰ্কে বিশদভাৱে ৰাজনৈতিক দলকেইটাৰ প্ৰতিনিধিসকলক অৱগত কৰে। উপায়ুক্তই ৰাজনৈতিক দলসমূহক এই নিৰ্বাচনী আচৰণ বিধি কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনোৱাৰ লগতে জিলাখনত এইবাৰৰ লোকসভা নিৰ্বাচন সম্পূৰ্ণ নিকা, মুক্ত, নিৰপেক্ষ আৰু স্বচ্ছ ৰূপত সম্পন্ন কৰাত সকলোৰে সহযোগিতা বিচাৰে।
মাজুলীৰ নিৰ্বাচন বিষয়া মগেন নৰহ, ৰাজহ চক্ৰ বিষয়া অজিত কুমাৰ শৰ্মা আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া ৰাজেন্দ্ৰ বৰুৱাও উপস্থিত থকা এই বৈঠকতে পুনৰবাৰ ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ সন্মুখত ইভিএম আৰু ভিভিপেট যন্ত্ৰ ব্যৱহাৰ কৰি 'ইভিএমত নমুনা ভোটদান তথা ভিভিপেটৰ দ্বাৰা ইয়াৰ নিশ্চিতি'ৰ দিশটো প্ৰদৰ্শন কৰি দেখুওৱা হয়। উল্লেখ্য যে আদৰ্শ আচৰণ বিধি অনুসৰি কোনো ৰাজনৈতিক দল, প্ৰাৰ্থী তথা সমৰ্থকেই নিৰ্বাচনী প্ৰচাৰৰ বাবে চৰকাৰী কাৰ্যালয়, ভৱন তথা ৰাজহুৱা সম্পত্তি আদিত বেনাৰ, পোষ্টাৰ, হৰ্ডিং আদি লগাব নোৱাৰাৰ লগতে বৈদ্যুতিক খুঁটা, টেলিফোনৰ খুঁটা, চৰকাৰী ধনেৰে নিৰ্মাণ কৰা সামূহিক ভৱন আদিত৷
দেৱাল লিখন তথা শ্লোগান লিখা, বেনাৰ-হৰ্ডিং, কাট আউট আদিও ওলোমাব নোৱাৰিব। একেদৰে, নিৰ্বাচনী প্ৰচাৰৰ বাবে চৰকাৰী বাহনৰ ব্যৱহাৰত প্ৰতিবন্ধকতা, ৰাতি ১০ বজাৰ পৰা পুৱা ৬ বজালৈ নিৰ্বাচনী প্ৰচাৰ তথা অনুভাষ যন্ত্ৰ ব্যৱহাৰত নিষেধাজ্ঞাৰ বিষয়ে দলীয় প্ৰতিনিধিসকলক অৱগত কৰা হয়। তদুপৰি, অন্য প্ৰাৰ্থী-ৰাজনীতিক সন্দৰ্ভত ব্যক্তিগত পৰ্যায়ৰ সমালোচনামূলক নিৰ্বাচনী ভাষণ, জাতি-ধৰ্ম-সম্প্ৰদায়ৰ প্ৰসংগক লৈ নিৰ্বাচনী প্ৰচাৰ, ধৰ্মীয় স্থানক নিৰ্বাচনী প্ৰচাৰৰ বাবে ব্যৱহাৰ, সাম্প্ৰদায়িক উত্তেজনাৰ প্ৰৰোচনামূলক ভাষণ তথা প্ৰচাৰ কাৰ্য, ভোটাৰক প্ৰলোভিত কৰিবলৈ মদ-ধন-বস্ত্ৰ-উপহাৰ আদিৰ ব্যৱহাৰ তথা বিতৰণ আদি কাৰ্যও সম্পূৰ্ণভাৱে আদৰ্শ আচৰণ বিধিৰ পৰিপন্থী বুলি স্পষ্ট কৰি জিলা নিৰ্বাচন বিষয়াই এনে কাৰ্যৰ পৰা সকলোকে আঁতৰি থাকিবলৈ বৈঠকত আহ্বান জনায়।
ইভিএম-ভিভিপেটৰ ব্যৱহাৰৰ বিষয়ে বাটৰ নাটেৰে জন সজাগতাৰ প্ৰয়াস মাজুলীসহ অসমত প্ৰথমবাৰলৈ ভোটগ্ৰহণৰ সময়ত প্ৰতিটো ভোটকেন্দ্ৰতে ব্যৱহাৰ কৰিভলৈ লোৱা ইভিএমৰ সৈতে ভোটাৰ ভেৰিফায়েবল পেপাৰ অ'ডিট ট্ৰায়েল (ইভিএম-ভিভিপেট) যন্ত্ৰৰ ব্যৱহাৰিক প্ৰয়োগ আৰু ইয়াৰ স্বচ্ছতাৰ নিশ্চিতিৰ বিষয়ে নদীদ্বীপ জিলাখনৰ ভোটাৰ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ ব্যাপক অভিযান চলাইছে জিলা নিৰ্বাচন বিভাগে।
মাজুলীৰ জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত ইতিমধ্যে জিলাখনৰ চুকে-কোণে ইভিএম-ভিভিপেট যন্ত্ৰ লৈ গৈ ৰাইজৰ মাজত প্ৰদৰ্শনীমূলক ভোটদানৰ অভিযান চলোৱাৰ পাছত আজিৰে পৰা বাটৰ নাটেৰেও ভিভিপেট যন্ত্ৰৰ বিষয়ে জন সজাগতাৰ বৃদ্ধিৰ প্ৰয়াস আৰম্ভ কৰা হৈছে।
জিলাখনত 'ছিছটেমেটিক ভোটাৰ্ছ এডুকেচন এণ্ড ইলেক্ট'ৰেল পাৰ্টিচিপেচন' (ছুইপ) শীৰ্ষক ভোটাৰ সজাগতা কাৰ্যসূচীৰ ন'ডেল বিষয়া তথা সহকাৰী আয়ুক্ত বিভাষ পাঠকৰ তত্ত্বাৱধানত আৰু সহকাৰী আয়ুক্ত হিমাদ্ৰী বৰাৰ লগতে ডিডিএমএৰ সহকাৰী যদুমণি ভূঞাৰ সহযোগিতাত মঙলবাৰে গড়মূৰ, ফুলনি আৰু বনগাঁৱৰ বজাৰ এলেকাত ভিভিপেট যন্ত্ৰৰ উপযোগিতা, প্ৰায়োগিক ব্যৱহাৰ আদি দিশ সামৰি বাটৰ নাট প্ৰদৰ্শন কৰা হয়। মাজুলী কালচাৰেল ফাউণ্ডেচনৰ শিল্পীসকলে পৰিবেশন কৰা এই বাটৰ নাটে ৰাইজক যথেষ্ট আকৰ্ষিত কৰা পৰিলক্ষিত হয়। কাইলৈও জিলাগনৰ আন আন অংশত এই বাটৰ নাট প্ৰদৰ্শন কৰা হ'ব বুলি ন'ডেল বিষয়া পাঠকে জানিবলৈ দিছে।
- Log in to post comments
- 25 views