দিল্লীক পতিয়ন নিয়াব পৰা প্ৰাৰ্থীকহে ভোট দিয়ক : মীৰা বৰঠাকুৰ

meera_borthakur

নিউজ ডেস্কঃ

" আগন্তক লোকসভা নিৰ্বাচনত এনে প্ৰাৰ্থীক ৰাইজে ভোট প্ৰদান কৰক যি জাতি-মাটি-ভেটিক দিল্লীত বন্ধকত ৰাখি ৰাজনীতি নকৰে ৷এনে প্ৰাৰ্থীক নিৰ্বাচিত কৰক যি ৰাজনীতিক ব্যৱসায় হিচাপে হিচাপে নলয় ৷ এনে প্ৰাৰ্থীক নিৰ্বাচিত কৰক যিয়ে দিল্লীক অসমৰ সমস্যাৰ বিষয়ে পতিয়ন নিয়াব পাৰিব ।

" এই ভাষ্য ৰাজ্যৰ অগ্ৰণী নেত্ৰী মীৰা বৰঠাকুৰৰ । নাগৰিকত্ব সংশোধনী বিধেয়কবিৰোধী মঞ্চ‌ই আজি মহানগৰীত আয়োজন কৰা ৰাজ্যিক অভিৱৰ্তনত ভাষণ দি তেওঁ লগতে কোনো দাগী অপৰাধীক নিৰ্বাচিত নকৰিবলৈকো ৰাইজক আহ্বান জনায় ।

দিল্লীৰ ভৰিত ধৰা নেতাক নিৰ্বাচিত নকৰিবলৈ আহ্বান জনাই বৰঠাকুৰে কয়, " ভোট কাক দিব সেয়া ভোটাৰৰ নিজা সিদ্ধান্ত ৷ কাক ভোট দিব সেই কথা কোৱাৰ আমাৰ অধিকাৰ নাই । কিন্ত জাতি আৰু ভাষা শেষ কৰিব বিচৰা কোনো সাম্প্ৰদায়িক শক্তিৰ উত্থান ভবিষ্যত প্ৰজন্মৰ বাবে সুবিধাজনক নহয় ৷

" তাৎপৰ্যপূৰ্ণভাৱে, অগপ‌ই আঞ্চলিকতাবাদী স্বাভিমান বৰ্তাই জাতিৰ পক্ষত থিয় দিয়াৰ সাহস দেখুওৱাৰ সময় সমাগত বুলি মত পোষণ কৰি বৰঠাকুৰে স্পষ্ট কৰি দিয়ে যে অন্যথা অসমৰ ৰাইজে অগপক ভবিষ্যতে আৰু ক্ষমা নকৰিব৷

Your Comments