লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হ'ল৷ দেশত সাতটা পৰ্যায়ত আৰু অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব ২০১৯ৰ লোকসভা নিৰ্বাচন৷ ৰাজনৈতিক দলসমূহ ব্যস্ত হৈ পৰিছে এতিয়া নিজ নিজ দলীয় প্ৰাৰ্থীৰ অংকক লৈ৷ বিশেষভাৱে শাসকীয় বিজেপি দলৰ চাৰিগৰাকী জ্যেষ্ঠ ৰাজনীতিকৰ ৰাজনৈতিক ভৱিষ্যতক লৈ সৃষ্টি হৈছে ব্যাপক চৰ্চা৷ শেহতীয়াভাৱে এই চাৰিখন আসনৰ লগতে আন কেইখনমান আসনতো যুৱ প্ৰজন্মৰ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিবলৈ বিভিন্ন মহলে মত পোষণ কৰিছে৷ ইয়াৰে ভিতৰত মঙলদৈ লোকসভাৰ আসনখনক লৈও শাসকীয় দলটোৰ ভিতৰচ'ৰাৰ লগতে কৰ্মী-সমৰ্থকৰ মাজত ব্যাপক তৎপৰতা আৰম্ভ হৈছে৷
বিগত দুটা কাৰ্যকালত সমষ্টিটোত বৰ্তমানৰ সাংসদ ৰমেন ডেকাই উন্নয়নৰ বিশেষ একো কাম নকৰাৰ অভিযোগ উঠিছে৷ তাৰ পৰিপ্ৰেক্ষিতত এইবাৰ সমষ্টিটোৰ বেছিভাগ বিজেপি কৰ্মীৰ লগতে সমষ্টিবাসীয়ে পৰিৱৰ্তনৰ ইংগিত প্ৰদান কৰিছে৷ ৰমেন ডেকাৰ সলনি এইবাৰ মঙলদৈ লোকসভা সমষ্টিত এক নতুন মুখৰ দাবী উত্থাপন হৈছে৷ লগে লগে বহুকেইজন যুৱ ৰাজনৈতিক নেতাৰ নামো চৰ্চালৈ আহিছে৷ ইতিমধ্যে মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত ১০টা বিধানসভা সমষ্টিত ইয়াকে লৈ আৰম্ভ হৈছে নতুন প্ৰাৰ্থীৰ জল্পনা-কল্পনা৷ শেহতীয়াভাৱে এই সংক্ৰান্তত সমষ্টিটোত সঘনাই উচ্চাৰিত হৈছে যুৱ-নেতা বনমালী শৰ্মাৰ নাম৷ ইতিমধ্যে বনমালী শৰ্মায়ো সমষ্টিবাসীৰ মাজত সোমাই যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷
যুৱ-সমাজকৰ্মী তথা সাংস্কৃতিক কৰ্মীৰ লগতে অন্যান্য ক্ষেত্ৰৰ লগতো বিগত প্ৰায় দুটা বছৰ ধৰি নিৰন্তৰভাৱে জড়িত হৈ বনমালী শৰ্মাই ৰাইজৰ মাজত সোমাই পৰিছে৷ উচ্চশিক্ষিত, দূৰদৰ্শী চিন্তা আৰু সাৰ্বজনীন মনোভাবৰ বাবে বনমালী শৰ্মাই এই ক্ষেত্ৰত ৰাইজৰ পচন্দৰ প্ৰাৰ্থীৰূপে অগ্ৰাধিকাৰ লাভ কৰিছে৷ বিজেপিৰ নেতৃবৰ্গৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ আনহাতে, বৰ্তমান ৰাজ্যিক বিজেপিৰ অত্যন্ত প্ৰভাৱশালী নেতা হিমন্ত বিশ্ব শৰ্মাৰো যথেষ্ট ঘনিষ্ঠ বনমালী শৰ্মা৷সমষ্টিটোক প্ৰতিনিধিত্ব কৰিবলৈ পালে সৰ্বস্তৰৰ ৰাইজৰ মাজত সোমাই বনমালী শৰ্মাই ভৱিষ্যতে মঙলদৈ সমষ্টিক দেশৰ ভিতৰতে আগশাৰীৰ এটা সমষ্টিলৈ উত্তৰণ ঘটোৱাৰ আশা আৰু পৰিকল্পনা ব্যক্ত কৰে আমাৰ আগত৷ ইয়াৰ উপৰি এগৰাকী মানৱ দৰদী আৰু প্ৰবল ইচ্ছাশক্তিৰ অধিকাৰী বনমালী শৰ্মাৰ আছে সুনিৰ্দিষ্ট ৰাজনৈতিক ভৱিষ্য দৰ্শন৷ সেয়েহে আগন্তুক লোকসভা নিৰ্বাচনত বনমালী শৰ্মাই বিজেপিৰ পৰা মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব পালে জয় সুনিশ্চিত বুলিও সমষ্টিবাসীয়ে ক'ব খোজে৷
- Log in to post comments
- 357 views