প্রধান মন্ত্রী পদত নৰেন্দ্র মোডী এতিয়াও জনপ্রিয়তম। অৱশ্যে সেই তুলনাত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ জনপ্রিয়তা কমিছে। নিউজ নেচনৰ অপিনিয়ন পুলে এই ইংগিত প্ৰদান কৰিছে। সমীক্ষাত ৪৭ শতাংশ লোকে প্ৰকাশ কৰিছে যে মোডীয়েই প্রধান মন্ত্রী হিচাপে কাম চলাই যাব। আনহাতে, ৩০ শতাংশৰ পচন্দৰ তালিকাত আছে কংগ্রেছ সভাপতি ৰাহুল গান্ধীৰ নাম। আনহাতে, ৫৫ শতাংশই প্রধান মন্ত্রী মোডীৰ সৈতে অইন কাৰো তুলনা নহয় বুলি প্ৰকাশ কৰিছে। ইয়াৰ বিপৰীতে ৩২ শতাংশ এই মতৰ বিৰোধিতা কৰিছে।
- Log in to post comments
- 21 views