ডঃ হিমন্ত বিশ্ব শৰ্মাই তেজপুৰ লোকসভা সমষ্টিৰ পৰা বিজেপিৰ টিকট পোৱাটো প্রায় নিশ্চিত হোৱাৰ পিছতে ক্ষোভ উজাৰিছে সমষ্টিটোৰ সাংসদ আৰ পি শৰ্মাই। শৰ্মাই কয় যে দলত তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলিছে। হিমন্তই টিকট পালে জয় সহজসাধ্য নহ'ব বুলি উল্লেখেৰে একপ্ৰকাৰ নিজ দলকে ভাবুকি দিয়ে শৰ্মাই। টিকট নাপালে দলত্যাগ কৰিব বুলিও কৈ দিছে তেজপুৰৰ বিজেপি সাংসদগৰাকীয়ে।
- Log in to post comments
- 147 views