আন্তৰ্জাতিক মানৱাধিকাৰ-দুৰ্নীতি নিবাৰক সংস্থাৰ উদ্যোগত, মৰিগাঁও মহাবিদ্যালয়ৰ সহযোগত নাৰী দিৱস উদ্‌যাপন

আন্তৰ্জাতিক মানৱাধিকাৰ-দুৰ্নীতি নিবাৰক সংস্থাৰ উদ্যোগত, মৰিগাঁও মহাবিদ্যালয়ৰ সহযোগত নাৰী দিৱস উদ্‌যাপন

বিশ্ব নাৰী দিৱস উপলক্ষে আজি মৰিগাঁও জিলাৰ ভৈৰাগুড়ি গাঁৱত আন্তৰ্জাতিক মানৱাধিকাৰ তথা দুৰ্নীতি নিবাৰক সংস্থাৰ উদ্যোগত, মৰিগাঁও মহাবিদ্যালয় মহিলা মঞ্চৰ সহযোগত এক চকু চিকিৎসা শিবিৰৰ লগতে আলোচনা-চক্ৰ অনুষ্ঠিত হয়৷ এই উপলক্ষে গুৱাহাটীৰ প্ৰাগজ্যোতি আই কেয়াৰৰ তৰফৰ পৰা এক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়৷

আন্তৰ্জাতিক১মানৱাধিকাৰ-দুৰ্নীতি১নিবাৰক১সংস্থাৰ১উদ্যোগত৭১মৰিগাঁও১মহাবিদ্যালয়ৰ১সহযোগত১নাৰী১দিৱস১উদ্‌যাপন

এই শিবিৰত প্ৰায় ডেৰশতাধিক ৰোগীয়ে অংশ লয়৷ প্ৰাগজ্যোতি আই কেয়াৰৰ পংকজ বুজৰবৰুৱাই তেওঁলোকৰ চিকিৎসালয়ৰ তৰফৰ পৰা আজি এক বিশেষ সুবিধা আগবঢ়োৱাৰ কথা ঘোষণা কৰে৷ সেই অনুসৰি তেওঁলোকে আজি জটিল ৰোগ ধৰা পৰা সকলো ৰোগীকে তেওঁলোকৰ চিকিৎসালয়ত বিনামূলীয়া অস্ত্ৰোপচাৰৰ ব্যৱস্থা কৰা হ’ব বুলি ঘোষণা কৰে৷

আন্তৰ্জাতিক১মানৱাধিকাৰ-দুৰ্নীতি১নিবাৰক১সংস্থাৰ১উদ্যোগত৭১মৰিগাঁও১মহাবিদ্যালয়ৰ১সহযোগত১নাৰী১দিৱস১উদ্‌যাপন

নাৰী দিৱস উপলক্ষে আয়োজিত আলোচনা-চক্ৰত আন্তৰ্জাতিক মানৱাধিকাৰ তথা দুৰ্নীতি নিবাৰক সংস্থাৰ হৈ মহিলাৰ অধিকাৰ সম্পৰ্কে বক্তব্য ৰাখে সংগঠনৰ মহিলা তথা শিশু কোষৰ সভাপতি মনালিছা গগৈয়ে৷ আনহাতে, সংগঠনৰ ৰাজ্যিক সভাপতি শংশাক ভৰত, সাংগঠনিক সম্পাদক বেদান্ত ডেকা আৰু শংকৰ পোড্ডাৰেও বক্তব্য ৰাখে৷

আন্তৰ্জাতিক১মানৱাধিকাৰ-দুৰ্নীতি১নিবাৰক১সংস্থাৰ১উদ্যোগত৭১মৰিগাঁও১মহাবিদ্যালয়ৰ১সহযোগত১নাৰী১দিৱস১উদ্‌যাপন

আনহাতে, মৰিগাঁও মহাবিদ্যালয়ৰ মহিলা মঞ্চৰ তৰফৰ পৰা প্ৰবক্তা হেমা শৰ্মা আৰু মাইনু গোস্বামীয়ে মহিলাৰ শিক্ষা, স্বাস্থ্য সম্পৰ্কে বক্তব্য আগবঢ়ায়৷ আলোচনা-চক্ৰত তিৱা স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্যগৰাকীয়েও অংশগ্ৰহণ কৰে৷

আন্তৰ্জাতিক১মানৱাধিকাৰ-দুৰ্নীতি১নিবাৰক১সংস্থাৰ১উদ্যোগত৭১মৰিগাঁও১মহাবিদ্যালয়ৰ১সহযোগত১নাৰী১দিৱস১উদ্‌যাপন

অতি প্ৰত্যন্ত গাঁওখনক ইতিমধ্যে মৰিগাঁও মহাবিদ্যালয়ৰ তৰফৰ পৰা "এডপ্‌টেড ভিলেজ" হিচাপে ঘোষণা কৰি বিভিন্ন ধৰণে সেৱা আগবঢ়াই আহিছে৷

Your Comments