চলচ্চিত্ৰ নিৰ্মাতা ভাস্কৰ হাজৰিকাৰ অসমীয়া ছবি "আমিষ" প্ৰদৰ্শিত কৰা হ'ব অষ্টাদশ "ত্ৰাইবেকা ৱৰ্ল্ড ফ্লিম ফেষ্টিভেল"ত। "ইণ্টাৰনেচনেল নেৰেটিভ কম্পিটিচন" শাখাত ছবিখন প্ৰমিয়াৰ কৰা হ'ব। যি অনুষ্ঠিত হ'ব অহা ২৪ এপ্ৰিলৰ পৰা ৫ মে পৰ্যন্ত। "ত্ৰাইবেকা ৱৰ্ল্ড ফেষ্টিভেল" লৈ প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হোৱা এইখনেই প্ৰথমখন অসমীয়া ছবি। চলচিত্ৰ মহোৎসৱ খনত ক্ৰীষ্ট'ফ ৱালছৰ পৰিচালিত প্ৰথম ছবি "জৰ্জটাউন",মাৰ্গট ৰ'বিৰ প্ৰযোজিত ছবি "ড্ৰীমলেণ্ড" কে ধৰি প্ৰদৰ্শিত হ'ব বহুকেইখন বহুচৰ্চিত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ ছবি।
"আমিষ" ছবিখনৰ কাহিনীৰ আঁৰত আছে বিবাহিতা নিৰ্মালী আৰু সুমন, যি এজন পি এইচ ডি ষ্টুডেণ্ট যাৰ বিষয় উত্তৰ-পূব ভাৰতৰ খাদ্যভাস। সুমনৰ কামে বিশ্বাস জগাইছিল যে কোনো এনেকুৱা খাদ্য নাই যি খাদ্য কেতিয়াও অসাধাৰণ নহয়। আৰু সেই কথা নিৰ্মালীৰ বাবে অাকৰ্ষিত কৰিছিল। দুয়োয়ে খুব সোনকালে আৱিস্কাৰ কৰিলে পৰস্পৰে খাদ্যৰ প্ৰতি থকা ভালপোৱা। বিশেষকৈ মাংসৰ ক্ষেত্ৰত। দুয়ো দুয়োৰে মাজত খাদ্যৰ জৰিয়তে অধিক ওচৰ চাপি আহিল।
সাম্প্ৰতিক সময়ত অষ্টাদশ "ত্ৰাইবেকা চলচিত্ৰ মহোৎসৱ" হৈ পৰিছে বিশ্বজুৰি এক খ্যাতিসম্পন্ন চলচিত্ৰ মহোৎসৱ। এই মহোৎসৱৰ প্ৰতিষ্ঠাপক আছিল জেন ৰ'জেনথেল, ৰ'বাৰ্ট দ্যি নিৰ' আৰু ক্ৰেইগ হেটক'ফয়ে। বিগত মহোৎসৱ কেইটাত বিজয়ী ছবিসমূহ যেনে অস্কাৰ মনোনীত ছবি কিম গোৱেইনৰ "ৱাৰ ৱিটচ",আৰু বহুচৰ্চিত ছবি থমাছ এলফেৰ্ডচনৰ পৰিচালিত "লেট দ্যি ৰাইট ওৱান"।
ভাস্কৰ হাজৰিকাৰ প্ৰথম ছবি "কথানদী"য়ে আজুৰি আনিবলৈ সক্ষম হৈছিল এছিয়ান চিনেমা ফান্ড আৰু প্ৰদৰ্শিত হৈছিল ২০১৫ বৰ্ষৰ বুচান আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ। কথানদী ছবিখনে ৬৩সংখ্যক ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা লাভ কৰিছিল শ্ৰেষ্ঠ অসমীয়া বোলছবি হিচাপে। ভাস্কৰ হাজৰিকাৰ ম'তে, "ত্ৰাইবেকা চলচিত্ৰ মহোৎসৱ"লৈ নিৰ্বাচিত হোৱা খবৰটোৱে ছবিখনক দৰ্শকৰ ওচৰলৈ নিয়াত যথেষ্ট সহায় কৰিছে। মই ছবিখনৰ লগত জড়িত অভিনেতা অভিনেত্ৰী সকলৰ লগতে সকলো কলা কুশলীক এই শুভক্ষণত অভিনন্দন জ্ঞাপন কৰিছো আৰু সহযোগিতা আগবঢ়োৱা সকলোটিলৈ ধন্যবাদ যাচিছোঁ।"
"আমিষ"ছবিখনৰ প্ৰযোজনা কৰিছে চিগনাম প্ৰডাকচনৰ পুনম দেউল আৰু উইছবেৰী ফ্লিমছৰ লগতে মেটানৰমেল মোচন পিকচাৰৰ শ্যাম বৰাই।
- Log in to post comments
- 124 views