ৰাজপথৰ আন্দোলনে ফল নোপোৱাৰ পৰিপ্ৰেক্ষিতত খিলঞ্জীয়াৰ স্বাৰ্থত আগন্তুক লোকসভা নিৰ্বাচনত গুৱাহাটী সমষ্টিত প্ৰাৰ্থী দিব প্ৰব্ৰজন বিৰোধী মঞ্চই। এই কথা আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি ঘোষণা কৰে প্ৰব্ৰজন বিৰোধী মঞ্চই। সংগঠনটোৱে গুৱাহাটী লোকসভা সমষ্টিত উপমন্যু হাজৰিকাক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় কৰাব।
ইফালে উক্ত সংবাদমেলত প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক তথা দলটোৰ প্ৰাৰ্থী জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই কয় যে খিলঞ্জীয়া লোকৰ তিনিটা দাবী পূৰণৰ বাবে চৰকাৰক এসপ্তাহ সময়সীমা বান্ধি দিয়া হৈছিল।
যোৱা ২ মাৰ্চত সময়সীমা উকলি গ'ল।সেই বাবে আমি সিদ্ধান্ত লৈছোঁ গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰা।লগতে তেওঁ পুনৰবাৰ উল্লেখ কৰে দীৰ্ঘদিনৰ পৰা চৰকাৰক জনাই অহা তেওঁলোকৰ দাবী সমূহৰ বিষয়ে।তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবীসমূহ হ'ল- ১৯৫১ চনৰ ভিত্তিত অসমত বাস কৰা ভাৰতীয়ৰ কাৰণে ভূমি, চৰকাৰী চাকৰি, সা- সুবিধা আৰু বাণিজ্যৰ অনুজ্ঞাপত্ৰৰ সংৰক্ষণ।খিলঞ্জীয়া ৰক্ষা কৱচ এনআৰচিৰ পুনৰীক্ষণ কৰা।লগতে সকলো ধৰণৰ বিদেশীৰ বোজাৰ পৰা অসমক মুক্ত কৰা।
আনহাতে নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ন হ'লেও প্ৰব্ৰজন বিৰোধী মঞ্চৰ প্ৰতি খিলঞ্জীয়া ৰাইজৰ পূৰ্ণ সমৰ্থন আছে বুলি তেওঁ জানিবলৈ দিয়ে
- Log in to post comments
- 37 views