ৰাজ্য চৰকৰৰ কৰ্মচাৰীৰ ৩ শতাংশ মৰগীয়া বোনাচ বৃদ্ধি

state govt employee

সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ  শাসকীয় বিজেপি চৰকাৰখনে ভোটাৰৰ মন জয় কৰিবলৈ আঁচনি,আধাৰশিলা,নিযুক্তি,সাহায্য আদিৰ নিৰ্বাচনী টোপ দিয়া দেখা গৈছে।আগন্তুক নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ সম্ভাৱনালৈ লক্ষ্য ৰাখি বৃহস্পতিবাৰে পুৱাৰ ভাগতে ৰাজ্য চৰকাৰখনে ৰাজ্যিক কৰ্মচাৰীৰ মৰগীয়া বোনাচ বৃদ্ধিৰ নিৰ্দেশ জাৰি কৰে।এই নিৰ্দেশমতে,কৰ্মচাৰীসকলৰ বাবে ৩ শতাংশ মৰগীয়া বোনাচ বৃদ্ধি কৰা হৈছে।ইতিমধ্যে ৯ শতাংশ মৰগীয়া বোনাচ লাভ কৰি থকা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে এতিয়াৰে পৰা মুঠ ১২ শতাংশ হাৰত বোনাচ লাভ কৰিব।জানিব পৰা মতে,চলিত বৰ্ষৰ ১ জানুৱাৰীৰ মাহৰ পৰাই এই বোনাচ লাভ কৰিব কৰ্মচাৰীসকলে আৰু সেয়া পৰৱৰ্তী মাহৰ দৰমহাৰ সৈতে প্ৰদান কৰা হ'ব।

Your Comments