ল'ৰা বা ছোৱালী নহয়, সন্তান হিচাপেহে মায়ে আমাক ডাঙৰ কৰিছে : কাজল

ল'ৰা বা ছোৱালী নহয়, সন্তান হিচাপেহে মায়ে আমাক ডাঙৰ কৰিছে : কাজল

'মায়ে আমাক সন্তান হিচাপেহে ডাঙৰ কৰিছিল৷ ল'ৰা অথবা ছোৱালী হিচাপে নহয়৷' আন্তৰ্জাতিক নাৰী দিৱসত এই হৃদয়স্পৰ্শী মন্তব্য মোহময়ী অভিনেত্ৰী কাজলৰ৷ 'টুইটাৰ'যোগে নিজৰ অনুৰাগীসকলক উদ্দেশ্যি কাজলে আৰু কয়- সবলীকৰণ তেতিয়াই সম্ভৱ যেতিয়া নিজৰ সামৰ্থ্যৰ ওপৰত পূৰ্ণ বিশ্বাস থাকে৷ নাৰী আৰু পুৰুষৰ সম-অধিকাৰৰ প্ৰসংগ দোহাৰি তেওঁ আৰু কয় যে মানৱতা সৰ্বোচ্চ আৰু সামগ্ৰিক লক্ষ্য হোৱা উচিত৷

Your Comments