মধ্যস্থতাকাৰীয়ে সমাধান কৰিব অযোধ্যা বিবাদ৷ উচ্চতম ন্যায়ালয়ে গঠন কৰিলে তিনিজনীয়া মধ্যস্থতাকাৰীৰ সমিতি৷ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ইব্ৰাহিম খলিফুল্লাহৰ অধ্যক্ষতাত গঠিত সমিতিত আছে শ্ৰী শ্ৰী ৰবিশংকৰ আৰু শ্ৰীৰাম পাঞ্চু৷ আজি এক শুনানিযোগে উচ্চতম ন্যায়ালয়ে কয় যে অযোধ্যা বিবাদৰ সমাধান মধ্যস্থতাকাৰীৰ জৰিয়তে কৰা হ'ব৷ এসপ্তাহৰ ভিতৰত কাম আৰম্ভ কৰিব মধ্যস্থতাকাৰীয়ে৷ ৮ সপ্তাহত সম্পূৰ্ণ কৰিব লাগিব মধ্যস্থতাকাৰী প্ৰক্ৰিয়া৷ সম্পূৰ্ণ গোপনীয় হ'ব মধ্যস্থতা প্ৰক্ৰিয়া৷ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বাধীন ৫জনীয়া সংবিধানপীঠৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা৷
- Log in to post comments
- 66 views