'ইউটিউব'ত মুকলি হ'ল নাৰী সুৰক্ষা বিষয়ক চুটি ছবি 'টেক্সী'

'ইউটিউব'ত মুকলি হ'ল নাৰী সুৰক্ষা বিষয়ক চুটি ছবি 'টেক্সী'

বহু প্ৰতিবন্ধকতা আঁতৰাই আৰু সংঘাতৰ অন্ত পেলাই ইউটিউবত আজি মুক্তিলাভ কৰিলে বহু প্ৰত্যাশিত হিন্দী চুটি ছবি ‘টেক্সী’। ভাৰতবৰ্ষৰ আগশাৰীৰ ডিজিটেল বিতৰক কোম্পানী 'পকেট ফিল্মছ'-এ আজি ‘টেক্সী’ ছবিখন ইউটিউবত মুকলি কৰে। এল এন ফিল্মছৰ বেনাৰত প্ৰযোজিত ছবিখনৰ কাহিনীকাৰ তথা পৰিচালকৰ ৰূপত আছে মুম্বাইত থিতাপি লোৱা চলচ্চিত্ৰ নিৰ্মাতা অৰুণজিৎ বৰা। প্ৰযোজকৰ ৰূপত আছে জিতুমণি টেৰণ। মুম্বাইৰ বিভিন্ন লোকেচনত শ্বুটিং হোৱা ছবিখনত মুখ্য ভূমিকাত অভিনয় কৰিছে ৰিয়া খাউণ্ড আৰু সঞ্জীৱ গিৰিৱৰে। ছবিখনৰ সংগীত লছ এঞ্জেলছৰ সংগীতজ্ঞ ব্ৰেণ্ডী থমাছৰ।

মিউজিক ৰেকডিং ইঞ্জিনীয়াৰ আডাম ক্লেইনৰ উদ্যোগত সংগীত ৰেকৰ্ডিং হৈছে ফ্ল'ৰিডা আৰু আমেৰিকাত। ছবিখনৰ ছাউণ্ড ডিজাইন মানস প্ৰতিম গোস্বামীৰ৷ ৰি-ৰেকৰ্ডিং, মিক্সিং বলয় কুমাৰ দলৈৰ আৰু কেমেৰা বিকাশ ভি বিৰাজদাৰৰ দৰে বহু মুম্বাইত কৰ্মৰত ব্যক্তিৰ। যাত্ৰা পথত ‘টেক্সী’ বিভিন্ন সময়ত বহু আৰ্থিক সংকটৰ সন্মুখীন হৈছিল যদিও ব্ৰেণ্ডী থমাছ আৰু ষ্টেজ ৩২ (Stage 32.com) নেটৱৰ্কিং ছাইটৰ চি ই অ' ৰিচাৰ্ড আৰ বি বট্টৰ আৰ্থিক সাহায্যই ‘টেক্সী’ক লক্ষ্যত উপনীত কৰালে। উদীয়মান চলচ্চিত্ৰ প্ৰযোজক অপৰাজিতা ভূঞাৰো ‘টেক্সী’ত আছে বিশেষ অৱদান৷

'ইউটিউব'ত মুকলি হ'ল নাৰী সুৰক্ষা বিষয়ক চুটি ছবি 'টেক্সী'

আন্তঃৰাষ্টীয় নাৰী দিৱসৰ দিনাই মুক্তিপ্ৰাপ্ত তথা নাৰীৰ সুৰক্ষাৰ ওপৰত ভিত্তি কৰি নিৰ্মিত এই চুটি ছবিখনে নাৰীৰ সুৰক্ষা সম্পৰ্কীয় বহু প্ৰশ্নৰ উদ্ৰেক ঘটাব। আজিৰ নাৰী প্ৰকৃততে কিমান সবল আৰু সুৰক্ষিত এই সম্পৰ্কীয় বহু বাস্তৱ বিশ্লেষণৰ সু্যোগ আনিব এই ছবিখনে। ইতিমধ্যে দেশ-বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত চৰ্চিত হোৱা ‘টেক্সী’ ইউটিউবৰ জৰিয়তে সমগ্ৰ বিশ্বৰ দৰ্শকে আজিৰে পৰা উপভোগ কৰিব পাৰিব।পৰিচালক অৰুণজিৎ বৰাৰ দ্বাৰা পৰিচালিত পূৰ্ণ দৈৰ্ঘ্যৰ অসমীয়া কথাছবি ‘মিডনাইট ছং’ (Midnight Song)ৰ কামো ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে আৰু বছৰৰ শেষৰফালে ছবিখনে মুক্তি লাভ কৰাৰ সম্ভাৱনা আছে।

Your Comments