আগন্তুক লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে মেঘালয়ত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব। মেঘালয় বিজেপিৰ নেতা-কৰ্মী আৰু বিজেপিৰ উত্তৰ-পূবৰ দায়িত্বত থকা অজয় জামুৱালৰ মাজত অনুষ্ঠিত বৈঠকত সকলো বিষয় আলোচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে। নেচনেল পিপ'লছ পাৰ্টী নেতৃত্বাধীন মেঘালয়ৰ ডেম'ক্ৰেটিক এলায়েন্স চৰকাৰৰ অংশীদাৰ বিজেপিয়ে লোকসভা নিৰ্বাচনত ৰাজ্যখনৰ দুটা সমষ্টি ক্ৰমে তুৰা আৰু শ্বিলঙৰ পৰা নিজাববীয়াকৈ প্ৰাৰ্থিত্ব আগবঢ়াব। এই সন্দৰ্ভত বিজেপি নেতা তথা মেঘালয় চৰকাৰৰ মন্ত্ৰী এল হেকে কয়- "আমি মেঘালয়ৰ দুয়োটা সংসদীয় সমষ্টিতে অকলেই নিৰ্বাচন খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।"
- Log in to post comments
- 10 views