আগেয়ে আছিল ৫ বছৰ৷ এতিয়াৰে পৰা হ'ব মাত্ৰ ৩ মাহ৷ এনেদৰেই পাকিস্তানী নাগৰিকৰ বাবে ভিছাৰ ম্যাদ অভাৱনীয় হাৰত হ্ৰাস কৰিছে আমেৰিকাই৷ পাকিস্তানৰ সংবাদ মাধ্যমত প্ৰচাৰিত হৈছে এই শেহতীয়া খবৰ৷ একে সময়তে ভিছাৰ বাবে পাকিস্তানী আবেদনকাৰীৰ মাচুলো বৃদ্ধি কৰিছে যুক্তৰাষ্ট্ৰখনে৷
পূৰ্বতে এই মাচুল আছিল ১৬০ মাৰ্কিন ডলাৰ৷ এতিয়াৰে পৰা হ'ব ১৯২ মাৰ্কিন ডলাৰ৷ অতি লক্ষণীয়ভাৱে পাকিস্তানে শেহতীয়াকৈ মাৰ্কিন নাগৰিকৰ বাবে ভিছা নীতিৰ সংশোধন ঘটোৱাৰ পিছতে আমেৰিকাও কঠোৰ হোৱা দেখা গৈছে৷
- Log in to post comments
- 34 views