চুবুৰীয়া দেশৰ ধৰ্মীয় সংখ্যালঘুক নাগৰিকত্ব প্ৰদান কৰাক লৈ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা অধিসূচনা সন্দৰ্ভত অসম ৰাজ্যিক জমিয়ত ওলামাই গোচৰ তৰিছিল।গোচৰটোৰ আজি উচ্চতম ন্যায়ালয়ত শুনানি হয়।এই সন্দৰ্ভত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু জ্যেষ্ঠ ন্যায়াধীশ সঞ্জীৱ খান্নাৰ দুজনীয়া খণ্ড বিচাৰ পীঠে শুনানি গ্ৰহণ কৰি এক নিৰ্দেশনা জাৰি কৰে।কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক বিষয়টো সন্দৰ্ভত আদালতত স্পষ্টীকৰণ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।
- Log in to post comments
- 176 views