বালাকোট বিমান আক্ৰমণ সন্দৰ্ভত এয়াৰ চীফ মাৰ্ছেল বি এছ ধানোৱাই কয়, “আমি গণনা কৰিব পৰা নাই কিমানজন মানুহৰ মৃত্যু হৈছে। কিমানজন মানুহ তাত আছিল, তাৰ ওপৰতেই এইটো নির্ভৰ কৰিব।" উল্লেখ্য যে ২৬ ফেব্রুৱাৰীত পাকিস্তানৰ বালাকোটত বিমান আক্ৰমণত কিমানজন লোক নিহত হৈছিল সেই সম্পৰ্কত বিভিন্ন পক্ষই বিভিন্ন তথ্য প্ৰকাশ কৰি আহিছে৷ এই আক্ৰমণত কিমানজন লোকৰ মৃত্যু হৈছে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত আজি বায়ুসেনা প্রধান বি এছ ধানোৱাই জানায় যে কিমানজন মানুহৰ মৃত্যু হৈছে, তাক গণনা কৰিব পৰা নাই বায়ুসেনাই।
কয়ম্বটুৰত এক সাংবাদমেল সম্বোধন কৰি বায়ুসেনা প্রধানগৰাকীয়ে এই কথা জনায়৷ তেওঁ লগতে কয়, “হতাহতৰ সংখ্যা গণিব পৰাৰ দৰে পৰিস্থিতিত নাই বায়ুসেনা।" আনহাতে, বৰ্তমান পাকিস্তানী সংবাদ মাধ্যমৰ উদ্ধৃতিৰে আন্তর্জাতিক সাংবাদ মাধ্যমৰ খবৰৰ ভিত্তিত বিমান আক্ৰমণৰ প্রভাৱক লৈ ৰাজনৈতিক বতাহ গৰম হৈ আছে৷ তাৰ পৰিপ্ৰেক্ষিতত বিমান আক্ৰমণত কিমানজনৰ মৃত্যু হৈছে, তাৰ উত্তৰত এই কথা জনায় বায়ুসেনা প্রধানগৰাকীয়ে।
আনহাতে, আমাৰ লক্ষ্য কিমানজন আছিল আৰু ভাৰতীয় বায়ুসেনাই সেই লক্ষ্যৰ ওপৰত আক্রমণ কৰিছিল নে নাই সেই সম্পৰ্কতো বায়ুসেনা প্ৰধানগৰাকীক প্ৰশ্ন সোধা হৈছিল৷ উত্তৰত তেওঁ কয় যে চৰকাৰে ক'ব কিমানজনক আক্রমণ কৰা হৈছে। বি এছ ধানোৱাই কয়, “ভিতৰত কিমানজন আছিল, তাক জনাব পৰা অৱস্থাত নাই বায়ুসেনা। আমি মাত্ৰ হিচাপ কৰিছিলোঁ যে কিমানজনক আক্ৰমণ কৰা হ'ব, কিমানজনক নহ'ব৷ লগতে বিমান আক্ৰমণৰ লক্ষ্য ভ্ৰষ্ট হোৱাৰ অভিযোগ চৰকাৰীভাৱে খণ্ডন কৰি বায়ুসেনা প্রধানগৰাকীয়ে কয়, “টার্গেট সম্পর্কে সবিস্তাৰ বর্ণনা দিছে বিদেশ সচিবে আৰু আমি যদি কোনো লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ, তাৰ ওপৰত আক্ৰমণ কৰিছোঁ...৷ ন'হলে কিয় তেওঁলোকে (পাকিস্তান) উত্তৰ দিলে? আমি যদি জংঘলতে বোমা নিক্ষেপ কৰিছিলোঁ, তেতিয়াহ'লে তেওঁলোকৰ উত্তৰ দিয়াৰ কোনো প্রয়োজন নাছিল।"
উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহত ভাৰতৰ বায়ুসেনাৰ আক্ৰমণক লৈ স্ববিৰোধী বাতৰি প্ৰকাশ পোৱা পৰিলক্ষিত হৈছে৷ তাৰে কেইটামান বাতৰি আছিল এনেধৰণৰ :
মৃত্যু হোৱা সন্ত্ৰাসবাদীৰ কোনো তালিকা প্ৰাপ্ত হোৱা নাই : বিবিচি
আমাৰ হাতত কোনো তথ্য নাই : চি এন এন
মৃত্যু হোৱা লোকৰ সন্দৰ্ভত আমাৰ হাতত কোনো তথ্য নাই : ফ্ৰান্স
আক্ৰমণ হোৱাটো সত্য, হতাহত সন্দৰ্ভত কোনো তথ্য নাই : আল জাজিৰা
কোনো সন্ত্ৰাসবাদী মৰাৰ তথ্য আমাৰ হাতত নাই : ৰাছিয়ান নিউজ
কোনো কেজুৱেলিটী নাই : ৱাশ্বিংটন পোষ্ট
কোনো আপডেট নাই : নিউয়ৰ্ক টাইমছ
ভাৰতীয় বায়ুসেনাৰ আক্ৰমণত ২৫০জনতকৈ অধিক সন্ত্ৰাসবাদীক নিঃশেষ কৰা হৈছে : অমিত শ্বাহ
ইফালে চৰকাৰৰ তৰফৰ পৰা বিমান আক্ৰমণ সফল বুলি দাবী কৰা হৈছে যদিও কিমানজনৰ মৃত্যু হৈছে তাক জনোৱা হোৱা নাই। অৱশ্যে ২৫০জন সন্ত্ৰাসবাদীক নিঃশেষ কৰা সম্ভৱ হৈছে বুলি দাবী কৰিছে বিজেপিৰ সভাপতি অমিত শ্বাহে।
- Log in to post comments
- 143 views