টি২০ ক্ৰিকেটৰ সবাতোকৈ কম বয়সৰ অধিনায়ক হোৱাৰ অভিলেখ গঢ়িলে ভাৰতৰ স্মৃতি মান্ধানাই।আজি গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামত ইংলেণ্ডৰ বিৰুদ্ধে টি২০ শৃংখলাৰ প্ৰথমখন খেলত অধিনায়কত্ব কৰি স্মৃতিয়ে এই অভিলেখ গঢ়ে।২২ বছৰ ২২৯ দিনত স্মৃতি এই অভিলেখৰ অধিকাৰী হয়।ইয়াৰ পূৰ্বে ২০১০ চনত ক্ৰিকেটাৰ সুৰেশ ৰাইনাই ২৩ বছৰ ১৯৭ দিনত এই অভিলেখ গঢ়িছিল।
- Log in to post comments
- 32 views