জঈছ-ই-মহম্মদৰ শীৰ্ষ নেতাই স্বীকাৰ কৰিলে পাকিস্তানৰ বালাকোটত জঈছৰ শিবিৰত ভাৰতীয় যুঁজাৰু বিমানৰ আক্ৰমণৰ কথা৷ মৌলানা আম্মাৰ নামৰ শীৰ্ষ নেতাজনে এই কথা স্বীকাৰ কৰি ভাষণ দিয়াৰ এটা ভিডিঅ' ক্লিপ টুইটাৰত প্ৰকাশ কৰিছে ফ্ৰান্সত থকা পাকিস্তানৰ এজন সাংবাদিকে৷
আম্মাৰে ক্লিপটোত উল্লেখ কৰিছে যে বালাকোটৰ শিবিৰৰ মাদ্ৰাছাত ভাৰতীয় যুঁজাৰু বিমানৰ বোমা নিক্ষেপত বৃহৎ ক্ষতি হয়৷ উল্লেখ্য যে ইমান দিনে পাকিস্তান চৰকাৰে বালাকোটত জঈছৰ শিবিৰত ভাৰতীয় যুঁজাৰু বিমানৰ আক্ৰমণ অস্বীকাৰ কৰি আহিছিল৷
- Log in to post comments
- 128 views