৮ মাৰ্চত লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি

chief belection

লোকসভা নিৰ্বাচন নিৰ্ধাৰিত সময়মতে অনুষ্ঠিত হ'ব।অহা ৮ মাৰ্চত দেশৰ নিৰ্বাচন আয়োগে নিৰ্বাচনী অধিসূচনা জাৰি কৰিব।শুকুৰবাৰে এই বিষয়ে ঘোষণা কৰিছে মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাই। আৰোৰাই প্ৰকাশ কৰে যে নিৰ্বাচনটো কেইটা পৰ্যায়ত অনুষ্ঠিত হ'ব বা নিৰ্বাচনৰ ফলাফল কেতিয়া ঘোষণা কৰা হ'ব,সবিশেষ ৮ মাৰ্চত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব।

আনহাতে,৮ মাৰ্চত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে দেশত নিৰ্বাচনী আচৰণ বিধি বলবৎ কৰা হ'ব।ইয়াৰ পিছতে ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনী প্ৰচাৰ তীব্রতৰ হৈ পৰিব।ভাৰত-পাকিস্তানৰ সীমান্তত সৃষ্টি হোৱা উত্তেজনা সন্দৰ্ভত মুখ্য নিৰ্বাচনী আয়ুক্তই কয় যে লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিত ই কোনো প্ৰভাৱ নেপেলায়।লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে ভোটাৰসকলৰ বাবে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে।সেই অনুসৰি, ভোটকেন্দ্ৰলৈ যাওঁতে লগতে ভোটাৰ প্ৰমাণপত্ৰ নিবলৈ ভোটাৰসকলক আহ্বান জনাইছে।

অৱশ্যে,ভোটাৰৰ পৰিচয়পত্ৰ নথকা ভোটাৰসকলে  ভোটাৰ পৰিচয়পত্ৰৰ সলনি পাছপোৰ্ট,চালকৰ অনুজ্ঞাপত্ৰ,চৰকাৰী চাকৰিয়ালৰ ফটোযুক্ত চাকৰিৰ প্ৰমাণপত্ৰ,বেংক-ডাকঘৰৰ ফটোযুক্ত পাছবুক,পানকাৰ্ড,ভাৰতৰ মহাপঞ্জীয়কৰ কাৰ্যালয়ে দিয়া স্মাৰ্ট কাৰ্ড,এনৰেগাৰ জবকাৰ্ড,শ্ৰম মন্ত্ৰালয়ে প্ৰদান কৰা স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড,ফটোযুক্ত পেঞ্চন কাৰ্ড,আধাৰ কাৰ্ড পৰিচয় পত্ৰ দেখুৱাই ভোটদান কৰিব পাৰিব ।

Your Comments