বায়ু সেনা, নৌ সেনাৰ মুৰব্বীলৈ 'জেড প্লাছ' ছিকিউৰিটী

army

ভাৰতীয় বায়ু সেনা, নৌ সেনাৰ মুৰব্বীলৈ 'জেড প্লাছ' ছিকিউৰিটী আগবঢ়োৱা হ'ব । শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে । পাকিস্তান আৰু ভাৰতৰ মাজত শেহতীয়াকৈ উদ্ভৱ হোৱা পৰিস্থিতিৰ পুংখানুপুংখ পৰ্যবেক্ষণ কৰি চৰকাৰে কেতবোৰ গুৰুত্বপূৰ্ণ চিন্তা-চৰ্চা কৰিছে ভাৰত চৰকাৰে । ইয়াৰ আধাৰতে বায়ু সেনা আৰু নৌ সেনাৰ মুৰব্বী দুগৰাকীৰ নিৰাপত্তা ব্যৱস্থা উন্নীতকৰণৰ পদক্ষেপ লোৱা হৈছে । উল্লেখযোগ্য যে, স্থল সেনাৰ মুৰব্বীয়ে ইতিমধ্যে জেড প্লাছ ছিকিউৰিটী লাভ কৰি আছে ।

Your Comments