অসম আৰক্ষীত ৬,৬৬১টা কনিষ্টবলৰ পদ খালী : শীঘ্ৰে পূৰণ কৰাৰ আহ্বান

assam police_logo

অসম আৰক্ষীত সাম্প্ৰতিক সময়ত খালী হৈ আছে বৃহৎসংখ্যক পদ৷ অসম আৰক্ষীৰ পৰা প্ৰাপ্ত তথ্যৰ মতে বিভাগটোত খালী হৈ আছে ৮০৩টা উপ-পৰিদৰ্শকৰ পদ৷ ইয়াৰ ভিতৰত সীমান্ত শাখাত ১৯৪টা, বিশেষ শাখাত ১১৬টা আৰু গুৱাহাটী আৰক্ষী আয়ুক্তালয়ত ৪১টা পদ খালী হৈ আছে৷ লগতে ৰাজ্যৰ আৰক্ষী বিভাগত ২,৩৯৪টা ইউ বি কনিষ্টবল, ২,৯০৭টা এ বি কনিষ্টবল, ৫০ গাড়ী চালকৰ পদ পূৰণ নোহোৱাকৈ আছে৷

সীমান্ত শাখাত ১৫৮টা, ৰে'লৱে আৰক্ষীত সমসংখ্যক ইউ বি কনিষ্টবলৰ পদ পূৰণ নোহোৱাকৈ আছে৷ গুৱাহাটী আৰক্ষী আয়ুক্তালয়ত ৮৬টা এ বি কনিষ্টবল আৰু ৭৫১টা ইউ বি কনিষ্টবলৰ পদ খালী হৈ আছে৷ এনেদৰে ৰাজ্যত আৰক্ষী বিভাগত বৃহৎসংখ্যক পদ খালী হৈ থকাৰ পিছতো কিয় ৰাজ্য চৰকাৰে পদ পূৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, সেয়া সচেতন মহলত চৰ্চাৰ বিষয় হৈ পৰিছে৷

এই বৃহৎসংখ্যক পদ অপূৰ্ণ হৈ থকাটোৱে অসম আৰক্ষীৰ কৰ্ম দক্ষতাৰ উপৰতো ঋণাত্মক প্ৰভাৱ পেলাইছে৷ পদসমূহ শীঘ্ৰে পূৰণ কৰাৰ বাবে ৰাজ্যৰ সচেতন মহলে আহ্বান জনাইছে৷ কাৰণ উল্লিখিত পদসমূহ পূৰণে ৰাজ্যৰ নিবনুৱা সমস্যা কিছু হ'লেও হ্ৰাস কৰিব৷

Your Comments