বর্ষাপৰাত বিনামূলীয়াভাৱে উপভোগ কৰিব পাৰিব ভাৰত-ইংলেণ্ড মহিলা টি২০

aca_logo

গুৱাহাটীৰ বর্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অহা ৪ মাৰ্চৰ পৰা  অনুষ্ঠিত হ'ব মহিলা আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেট শৃংখলা।ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ'বলগীয়া শৃংখলাটোৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে অসম ক্ৰিকেট সন্থাই।বৃহস্পতিবাৰে এচিএই এখন সংবাদমেল সম্বোধন কৰি এই কথা জনায়।

৪,৭ আৰু ৯ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া মেচকেইখন উপভোগ কৰাৰ বাবে ক্ৰিকেটপ্ৰেমীয়ে ক্ৰয় কৰিব নালাগে টিকট।দৰ্শকৰ উপস্থিতি বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে   টিকটৰ ব্যবস্থা কৰা নাই বুলি 'এচিএ'ৰ সম্পাদক দেৱজিৎ শইকীয়াই সংবাদমেলখনত জনয়।ইফালে শৃংখলাটোৰ আটাইকেইখন মেচ উপভোগৰ বাবে স্কুল-কলেজৰ ছাত্র-ছাত্ৰীসকলক আহ্বান জনাইছে এচিএই।

অসম চৰকাৰৰ তৰফৰ পৰাও শৃংখলাটোৰ বাবে সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱা বুলি সংবাদ মেলখনত অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই উল্লেখ কৰে।সংবাদমেলখনত অসম ক্ৰিকেট সন্থাৰ সম্পাদকৰ উপৰি উপস্থিত থাকে সভাপতি ৰমেন দত্ত,উপ-সভাপতি পৰীক্ষিত দত্ত আৰু যুটীয়া সম্পাদক কামাখ্যা শইকীয়া।

Your Comments