আজি ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিব পাকিস্তানী 'এফ-১৬' ধ্বংসকাৰী বীৰ বায়ু সৈনিক অভিনন্দন ৱৰ্তমানে। নিজৰ 'মিগ ২১ বাইছন'-ৰে অত্যাধুনিক এফ ১৬ ক বিধস্ত কৰা বীৰজনক মুকলি কৰি দিয়া হ'ব বুলি কালি পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে ঘোষণা কৰিছিল।ভাৰতৰ তীব্ৰ হেঁচাত নতি স্বীকাৰেৰে পাকিস্তানে অভিনন্দনক মুক্তি দিবলৈ বাধ্য হৈছে।আজি দুপৰীয়া ২ বজাৰ পিছত পঞ্জাবৰ ৱাঘা সীমান্তৰে বীৰজনে মাতৃভূমি ভাৰতত পদাৰ্পণ কৰিব। দেশবাসীয়ে অধীৰভাৱে অপেক্ষা কৰিছে বীৰ অভিনন্দনক স্বাগতম জনাবলৈ।
- Log in to post comments
- 13 views