'এ' পাকিস্তান তুম এক মাৰা ত', হম চাৰ মাৰেংগে'-টুইটাৰত ৰাম গোপাল বাৰ্মা

ram_gopal_varma

টুইটাৰত যুদ্ধংদেহী পৰিচালক ৰাম গোপাল বাৰ্মা। পাকিস্তানক তীব্র সকীয়নি দি বাৰ্মাই ক'লে- 'এ পাকিস্তান, তুম এক মাৰা ত' হম চাৰ মাৰেংগে'। ইয়াৰ পূৰ্বে পুলৱামা আক্ৰমণৰ পিছত ৰাম গোপাল বাৰ্মাই টুইটাৰত পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানক প্রচণ্ড ধমক দিছিল। খানক উদ্দেশ্য কৰি বাৰ্মাই কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছিল। ছ'চিয়েল মিডিয়াত বিভিন্ন মন্তব্য কৰি সততে বিতৰ্কত থকা বাৰ্মাৰ এই পাকিস্তানবিৰোধী স্থিতিৰ শলাগ লৈছে তেওঁৰ প্ৰশংসকসকলে।

Your Comments