ভাৰতৰ যুঁজাৰু বিমানৰ এজন পাইলট পাকিস্তানৰ কবলত আছে। এই কথা আনুষ্ঠানিকভাৱে নিশ্চিত কৰিলে ভাৰত চৰকাৰে। ভাৰতত আক্ৰমণ কৰিবলৈ অহা পাকিস্তানী 'এফ ১৬' ক ধ্বংস কৰাৰ সময়ত ভাৰতৰ এখন 'মিগ ২১' বিমান ভূপতিত হৈছিল আৰু পাইলটজন উক্ত বিমানখনৰে। সীমান্তৰ পৰা পাকিস্তানী সেনাই কৰায়ত্ত কৰে পাইলটজনক। জেনেভা চুক্তি মানি কোনো হানি-বিঘিনি নকৰাকৈ পাইলটজনক ভাৰতক গতাই দিবলৈ ভাৰতস্থিত পাকিস্তানী উপ-উচ্চায়ুক্তক আজি গধূলি জনাই দিছে ভাৰত চৰকাৰে।
- Log in to post comments
- 87 views