ইমৰাণ খানে পুনৰ শান্তিৰ প্ৰস্তাৱ দিলে। বালাকোটত জঈছৰ শিবিৰ ধ্বংস আৰু ভাৰতত অনুপ্ৰৱেশ কৰা পাকিস্তানী 'এফ-১৬'ক ভাৰতীয় বায়ু সেনাই ভূপতিত কৰাৰ পিছত পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খানে দ্বিতীয়বাৰৰ বাবে ভাৰতক শান্তি আলোচনাৰ প্ৰস্তাৱ দিয়ে। কিন্তু পাকিস্তানৰ যুঁজাৰু বিমানে ভাৰতৰ সীমা উলংঘাৰে আক্ৰমণ কৰিবলৈ অহাৰ পিছত ইমৰাণ খানৰ এই প্ৰস্তাৱক নাটক হিচাপেহে আখ্যা দিয়া হৈছে। পাকিস্তানে নিজকে শান্তিপ্রিয় ৰাষ্ট্ৰ হিচাপে বিশ্বৰ আগত প্ৰতিপন্ন কৰাৰ বাবেই এনে নাটক কৰিছে বুলি কোৱা হৈছে।
- Log in to post comments
- 12 views