ভাৰতীয় 'মিৰাজ ২০০০'ক চাই থাকোঁতেই গ'ল পাকিস্তানী 'এফ-১৬'ৰ

mirrage

ভাৰতৰ ১২ খন 'মিৰাজ ২০০০' যুঁজাৰু বিমানে অনায়াসে পাকিস্তানৰ ভিতৰত প্ৰৱেশ কৰিলে আৰু বোমা বর্ষণ কৰিলে জঈছৰ ঘাটীত । কোনো ক্ষতি নোহোৱাকৈ ওভতিও আহিল মিৰাজ-২০০০কেইখন। পাকিস্তানে আমেৰিকাৰ পৰা ক্ৰয় কৰা অত্যাধুনিক এফ-১৬ যুঁজাৰু বিমানে চাই থাকোঁতেই গ'ল। সময়মতে পাকিস্তানী এফ-১৬এ ৰণ কৌশল প্ৰস্তুত কৰি ৰূপায়ণ কৰিবলৈ নোৱাৰা বাবেই ব্যৰ্থ হ'ল । এফ-১৬ লগত ৰাখিও কোনো লাভ নহ'ল পাকিস্তানৰ।

ভাৰতীয় প্ৰতিৰক্ষা বিশেষজ্ঞই এই ক্ষেত্ৰত অভিমত ব্যক্ত  কৰিছে যে এফ ১৬-এ সৰ্বাধিক ৩ খন জেটৰ ওপৰত আক্ৰমণ কৰিব পাৰে। ১২ খন মিৰাজৰ ওপৰত আক্ৰমণ কৰি এফ ১৬-এ সফলতা অৰ্জন কৰিবলৈ নোৱাৰিলেহেঁতেন।

Your Comments